শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে বিপদত ভাৰত! বৃদ্ধি পাব বস্তুৰ মূল্য, অভাৱ হ’ব তেলৰ আৰু…

Israel-iran war: ইৰাণ-ইজৰাইলৰ যুদ্ধত সংকট নমাই আনিব পাৰে ভাৰতলৈ। যদি পৰিস্থিতি সলনি নহয় তেন্তে ভাৰতত মুদ্ৰাস্ফীতিৰ লগতে বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। যাৰ প্ৰভাৱ জনতাৰ আৰ্থিক দিশৰ ওপৰত পৰিব পাৰে।

মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে বিপদত ভাৰত! বৃদ্ধি পাব বস্তুৰ মূল্য, অভাৱ হ’ব তেলৰ আৰু…
বাণিজ্যImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jun 2025 18:19 PM

ভয়ংকৰ ৰূপ লোৱা ইৰাণ-ইজৰাইলৰ যুদ্ধই বিপদ মাতি আনিব পাৰে ভাৰতলৈ। দুই দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাই আক্ৰমণ কৰিছে ইৰাণত। এই ঘটনাৰাজিসমূহৰ প্ৰতি লক্ষ্য ৰাখি  বিশেষজ্ঞই কয় যে, ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ ভাৰতৰ সৈতে পশ্চিম এছিয়াৰ দেশসমূহৰ বাণিজ্যৰ ওপৰত পৰিব। এই দেশসমূহৰ ভিতৰত আছে ইৰাণ, ইৰাক, জৰ্ডান, লেবানন, ছিৰিয়া আৰু য়েমেন আদি আছে । এই দেশসমূহৰ লগত ভাৰতৰ মুঠ ৰপ্তানি ৮.৬ আৰৱ ডলাৰ আৰু আমদানি ৩৩.১ আৰৱ ডলাৰ হয়।

মুম্বাইস্থিত ৰপ্তানিকাৰক তথা টেকন’ক্ৰাফ্ট ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক শৰদ কুমাৰ ছাৰাফে কয় যে, মধ্য প্ৰাচ্যৰ উত্তেজনাৰ প্ৰভাৱ ভাৰতৰ বাণিজ্যত কেছকেডিঙত পৰিব। তেওঁ জনোৱা মতে, তেওঁৰ কোম্পানীয়ে ইতিমধ্যে ইৰাণ আৰু ইজৰাইললৈও সামগ্ৰী প্ৰেৰণ কৰা বন্ধ কৰি দিছে। এই যুদ্ধ এতিয়া গুৰুতৰ সংকটত পৰিণত হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে তেওঁ।

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ইৰাণলৈ মুঠ ১.২৪ আৰৱ ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল। ইয়াৰ ভিতৰত আছিল বাছমতী চাউল (৭৫৩.২ মিলিয়ন ডলাৰ), কল, সৰিয়হৰ গুড়ি, চজিনা আৰু চাহ আদি কৃষিজাত সামগ্ৰী আদি। সমান্তৰালকৈ ভাৰতে ইৰাণৰ পৰা ৪৪১.৮ মিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰিছিল।

ইয়াৰোপৰি ইজৰাইলৰ সৈতেও ভাৰতৰ বাণিজ্য ২.১ আৰৱ ডলাৰ (ৰপ্তানি) আৰু ১.৬ আৰৱ ডলাৰ (আমদানি)। GTRI ৰ মতে, আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে এই দুয়োখন দেশে ইতিমধ্যে আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এতিয়া যুদ্ধৰ বাবে পেমেণ্ট ব্যৱস্থা আৰু জাহাজ চলোৱাৰ বিপদৰ বাবে ভাৰতৰ বাণিজ্য আৰু অধিক প্ৰভাৱিত হ’ব পাৰে।

সবাতোকৈ ডাঙৰ চিন্তনীয় দিশটো হৈছে হৰমুজ জলদ্বীপ (Strait of Hormuz), য’ৰ পৰা ভাৰতে ৬০-৬৫% খাৰুৱা তেল আমদানি কৰে।ইৰাণে এই জলপথটো বন্ধ কৰাৰ ভাবুকি দিছে। এই পথটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ দ্বাৰা বিশ্বৰ প্ৰায় ২০ শতাংশ খাৰুৱা তেলৰ ব্যৱসায় হয়।

এই জলদ্বীপ ইৰাণ আৰু ওমান/সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত অৱস্থিত। ইয়াৰ জৰিয়তে চৌদি আৰব, ইৰাণ, ইৰাক, কুৱেইট আৰু কাটাৰৰ পৰা তেল আৰু এল এন জি ৰপ্তানি কৰা হয়। ভাৰতে শক্তিখণ্ডৰ বাবে প্ৰয়োজনীয়তাৰ ৮০%তকৈ অধিক আমদানি কৰে, গতিকে এই যোগানত যদি ব্যাঘাত জন্মে তেন্তে দেশত ইন্ধন ব্যয়বহুল হৈ পৰিব, মুদ্ৰাস্ফীতি বৃদ্ধি পাব, টকাৰ ওপৰত হেঁচা পৰিব আৰু বিত্তীয় ভাৰসাম্যৰ অৱনতি ঘটিব পাৰে।

হাউথী বিদ্ৰোহীসকলৰ বাবে ইতিমধ্যেই লোহিত সাগৰৰ পথত প্ৰভাৱ পৰিছে। যাৰ ফলত ভাৰত-ইউৰোপ আৰু ভাৰত-আমেৰিকাৰ বাণিজ্যিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ভাৰতৰ ইউৰোপীয় বাণিজ্যৰ ৮০% আৰু মুঠ ৰপ্তানিৰ ৩৪% এই সাগৰীয় পথৰ জৰিয়তে হয়।

ইয়াৰ মাজতে বিশ্ব বাণিজ্য সংস্থা ((WTO)ই সকীয়াই দিছে যে যদিহে পৰিস্থিতি একেই থাকে তেন্তে বিশ্বব্যাপী বাণিজ্য ২০২৫ ত ০.২% হ্ৰাস পাব পাৰে। পূৰ্বতে ই ২.৭% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছিল।

ভাৰতে ইৰাণৰ সৈতে ঐতিহাসিক আৰু কৌশলগত সম্পৰ্ক ৰক্ষা কৰি আহিছে। ভাৰতক আফগানিস্তান আৰু মধ্য এছিয়ালৈ পোনপটীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা চাবাহাৰ বন্দৰ ভাৰতৰ নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ আমেৰিকা, ইজৰাইল আৰু উপসাগৰীয় দেশসমূহৰ সৈতেও শক্তিশালী সম্পৰ্ক আছে। কিন্তু এই আটাইকেইখন দেশ এতিয়া যুদ্ধত জড়িত হোৱাৰ বাবে ভাৰতৰ কূটনৈতিক দিশটো অতি জটিল হৈ পৰিছে।

 

অন্য খবৰ পঢ়কঃ অম্বুবাচী মেলাৰ পৰা ইৰাণক আমেৰিকাৰ আক্ৰমণলৈ…দিনটোৰ ৯টা খবৰ…