শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘আনৰ সৈতে সম্পৰ্কত থকাৰ সময়তো ছলমানৰ সৈতে…’, ঐশ্বৰ্যৰ চৰিত্ৰক লৈ কোনে কৰিছিল এনে মন্তব্য

ছলমানৰ সৈতে ব্ৰেকআপৰ পিছত ঐশ্বৰ্য ৰায়ে ছলমান খানৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। এইধৰণৰ অভিযোগ তথা আলোচনা যেতিয়া অধিক হৈ পৰিল, তেতিয়া ছলমানৰ পৰিয়ালৰ এগৰাকী সদস্যই ঐশ্বৰ্যক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে। সকলোৰে সন্মুখত তেওঁ আনকি ঐশ্বৰ্যৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰে।

‘আনৰ সৈতে সম্পৰ্কত থকাৰ সময়তো ছলমানৰ সৈতে…’, ঐশ্বৰ্যৰ চৰিত্ৰক লৈ কোনে কৰিছিল এনে মন্তব্য
ছলমান খান আৰু ঐশ্বৰ্য ৰায়Image Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 23 Jun 2025 19:22 PM

বলীউডৰ একালৰ চৰ্চিত প্ৰেমিক যুগল আছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়। সম্পৰ্কত বিচ্ছেদ ঘটিলেও পিছে আজিও চৰ্চা হয় দুয়োৰে পূৰ্বৰ সেই সম্পৰ্কৰ কথা। সম্প্ৰতি ঐশ্বৰ্য ৰায় বচ্চন পৰিয়াললৈ বিবাহৰ সূত্ৰে হৈ পৰিল ঐশ্বৰ্য ৰায় বচ্চন। আনহাতে বয়সে প্ৰায় ৬০ গৰকিবলৈ আগবাঢ়িছে যদিও এতিয়াও অবিবাহিত ভাইজান ছলমান। এতিয়াও অনুৰাগীৰ মাজত তথা চিনে জগতত ছলমানৰ বিবাহক লৈ চলে সৰস আলোচনা। ছলমানৰ সৈতে ব্ৰেকআপৰ পিছত ঐশ্বৰ্য ৰায়ে ছলমান খানৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল।

ছলমানে তেওঁক আক্ৰমণ কৰা, মদ্যপান কৰি প্ৰহাৰ কৰা, অশ্ৰাৱ্য গালি-গালাজ কৰা – আদি নানা অভিযোগ তুলিছিল ঐশ্বৰ্য ৰায়ে। ব্ৰেকআপৰ বাবে তেওঁ পোনপটীয়াকৈ ছলমানক জগৰীয়া কৰিছিল। এইধৰণৰ অভিযোগ তথা আলোচনা যেতিয়া অধিক হৈ পৰিল, তেতিয়া ছলমানৰ কনিষ্ঠ ভাতৃ ছোহেইল খানে ঐশ্বৰ্যক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে। সকলোৰে সন্মুখত তেওঁ আনকি ঐশ্বৰ্যৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰে।

ঐশ্বৰ্যই ছলমানৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰি ছোহেইলে কয়, “এতিয়া ঐশ্বৰ্যই ৰাজহুৱা স্থানত কন্দা-কটা কৰিছে। কিন্তু যেতিয়া ছালমানৰ সৈতে সম্পৰ্কত আছিল, তেতিয়া পৰিয়ালৰ দৰেই দেখা গৈছিল। নিয়মিতভাৱে আমাৰ ঘৰলৈও আহিছিল। কিন্তু তেওঁ কেতিয়াবা তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱাকৈ কৈছিল নেকি?” এনে প্ৰশ্ন উত্থাপন কৰি ছোহেইল খানে লগতে ঐশ্বৰ্যৰ এনে আচৰণৰ বাবে ছলমান খানে অসুৰক্ষিত অনুভৱ কৰা বুলিও দাবী কৰিছিল।

ভাতৃ ছলমানে কেৱল ঐশ্বৰ্যৰ তেওঁৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে জানিব বিচাৰিছিল বুলি উল্লেখ কৰি ছোহেইল খানে লগতে ঐশ্বৰ্যই ছলমানৰ মনত কেতিয়াও সেই বিশ্বাস দিয়া নাছিল বুলি দাবী কৰে। কেৱল সিমানেই ঐশ্বৰ্যৰ চৰিত্ৰক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ছলমানৰ সৈতে বিচ্ছেদ হোৱাৰ লগে লগে বিবেক অবেৰয়ৰ সৈতে ঐশ্বৰ্যই সম্পৰ্ক স্থাপন কৰিছিল। সেই সন্দৰ্ভত

ছোহেইলে লগতে কয় যে বিবেকৰ সৈতে সম্পৰ্কত থকাৰ সময়তো ঐশ্বৰ্যই ছলমানৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল।
বিবেকেও এই বিষয়ে জানিব পাৰি ভাগি পৰিছিল বুলি ছোহেইলে লগতে দাবী কৰে। ছোহেইলৰ এই মন্তব্যৰ পিছত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। বৰ্তমানো ছলমান আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ কথা ওলালে ছোহেইলৰ এনেধৰণৰ মন্তব্যৰ বিষয়েও চৰ্চা হয়।