শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানী অভিনেত্ৰীৰ সৈতে ফটো শ্বেয়াৰ দিলজিৎ দোচাঞ্জৰ, ক’লে- দেশতকৈ ওপৰত…

দিলজিতে কয়, "দেশত যুদ্ধ চলি আছে আৰু এইবোৰৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। কিন্তু মই বিশ্বাস কৰো যে সংগীত এনেকুৱা এটা বস্তু যিয়ে দেশক একত্ৰিত কৰে। "

পাকিস্তানী অভিনেত্ৰীৰ সৈতে ফটো শ্বেয়াৰ দিলজিৎ দোচাঞ্জৰ, ক’লে- দেশতকৈ ওপৰত…
দিলজিত আৰু হানিয়াImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Jun 2025 19:13 PM

বৰ্তমান চৰ্চাত আছে জনপ্ৰিয় গায়ক দিলজিৎ দোচাঞ্জৰ এখন ছবি। শীঘ্ৰেই মুক্তি লাভ কৰিব দিলজিতৰ ‘চৰ্দাৰজী ৩’ শীৰ্ষক ছবিখন। এই ছবিখনে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। দিলজিতৰ লগতে এই ছবিখনত অভিনয় কৰিছে পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰ। জম্মু-কাশ্মীৰৰ পলহগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে হানিয়াৰ কাষ্টিং সন্দৰ্ভত সমালোচনাৰ সূত্ৰপাত হৈছিল। কিন্তু ইয়াৰ মাজতে দিলজিৎ দোচাঞ্জে হানিয়াৰ সৈতে এখন ফটো পোষ্ট কৰে। যাৰ পাছতে ক্ষুব্ধ হৈ পৰে জনতা।

দেওবাৰে ছবি নিৰ্মাতাসকলে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰে, য’ত হানিয়াকো দিলজিতৰ সৈতে দেখা যায়। কিন্তু এই ছবিখনত হানিয়াক দেখি একাংশই ক্ষোভ প্ৰকাশ কৰে। কিন্তু ইয়াৰ মাজতে দিলজিতে ইনষ্টাগ্ৰাম ষ্ট’ৰীত হানিয়াৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখন ট্ৰেইলাৰৰ অংশ। ইয়াৰ পাছতে একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দিলজিতক কঠোৰ সমালোচনা কৰে।

শেহতীয়াকৈ গ্ৰেমীৰ সভাপতি পানোছ আন্দ্ৰেয়াছ পানায়ে দিলজিতৰ সাক্ষাৎকাৰ লৈছিল। সাক্ষাৎকাৰত দিলজিতে শিল্পৰ কোনো সীমা নাই বুলি উল্লেখ কৰিছিল। দিলজিতে কয়, “দেশত যুদ্ধ চলি আছে আৰু এইবোৰৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। কিন্তু মই বিশ্বাস কৰো যে সংগীত এনেকুৱা এটা বস্তু যিয়ে দেশক একত্ৰিত কৰে। দেশত প্ৰেম বিয়পোৱা কিবা এটাৰ অংশ হ’বলৈ পাই মই অতি সুখী অনুভৱ কৰো। মই অনুভৱ কৰো যে আমি দেশৰ ওপৰত গৈ পৃথিৱী মাৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সকলোবোৰ সীমান্ত একেখন পৃথিৱী মাৰ অংশ আৰু মই সেই পৃথিৱী মাতৃৰ অন্তৰ্গত।”

Diljit Hania

দিলজিতে শ্বেয়াৰ কৰা ইনষ্টা ষ্টৰী

দিলজিতৰ ছবি ‘চৰ্দাৰজী ৩’ৰ বিৰোধিতা কৰিছে চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে। তেওঁ কয় যে. ছবিখন মুক্তিৰ অনুমতি নিদিবলৈ তেওঁ চেঞ্চৰ ব’ৰ্ডলৈ চিঠি লিখিছে। পাকিস্তানী অভিনেত্ৰীৰ সৈতে দিলজিতে এই ছবিত অভিনয় কৰিছে। গতিকে ইয়াক ভাৰতত মুক্তি নিদিবলৈ আহ্বান জনায়।

পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি অশোক পণ্ডিতে কয়, “এয়া নহয় যে পাকিস্তানে আমাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে বা ই অতি পুৰণি কথা। পাকিস্তানৰ কথা জনাৰ পাছতো এজন ভাৰতীয় অভিনেতাই এজন পাকিস্তানীৰ সৈতে কেনেকৈ কাম কৰিব পাৰে।”

দিলজিৎ দোচাঞ্জ আৰু হানিয়া আমিৰৰ এই ছবিখন অহা ২৭ জুনত চিনেমাগৃহত মুক্তি পোৱাৰ কথা। অৱশ্যে এই ছবিখন ভাৰতত নহয়, বিদেশতে মুক্তি লাভ কৰিব। উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আছিল বহু চেলিব্ৰেটিৰ সামাজিক মাধ্যমৰ একাউন্ট ব্লক কৰা। ইয়াৰ ভিতৰত হানিয়া আমিৰো আছিল। যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে জনতাই।

 

অন্য খবৰ পঢ়কঃ ৪ মাহৰ গৰ্ভৱতী ঐশ্বৰ্য ৰায়! সৰগ ভাঙি পৰিল এইগৰাকী পৰিচালকৰ ওপৰত…