শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভুল নকৰিব! বিয়াৰ পূৰ্বে সংগীক সোধক এই ৯টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, জীৱন হৈ পৰিব ধুনীয়া…

এখন সুস্থ বিয়াৰ বাবে বিশ্বাস আৰু বুজাবুজিৰ প্ৰয়োজন। আজিকালি প্ৰায়ভাগ বৈবাহিক সম্পৰ্কত সমস্যা অহা দেখা যায়। গতিকে বিয়াৰ পূৰ্বে সংগীত কেইটামান প্ৰশ্ন সোধা গুৰুত্বপূৰ্ণ।

ভুল নকৰিব! বিয়াৰ পূৰ্বে সংগীক সোধক এই ৯টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, জীৱন হৈ পৰিব ধুনীয়া…
বিবাহ (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 23 Jun 2025 20:03 PM

বিয়া জীৱনৰ এক ডাঙৰ সিদ্ধান্ত। আজিকালি বিভিন্ন কাৰণত বিয়াৰ ক্ষেত্ৰত বহুতৰে সমস্যা হোৱা দেখা যায়। কোৱা হয়, বিয়াৰ পাছত জীৱন বহু সলনি হৈ যায়। গতিকে মানুহে সদায় ভাবি-চিন্তি বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। বিয়াৰ আগত বা পাছত এজনে আনজনৰ প্ৰতি বিশ্বাস, বুজাবুজি ৰখা প্ৰয়োজনীয়। সংগীৰ সৈতে সুমধুৰ এটা জীৱন কটাবলৈ বিয়াৰ পূৰ্বে সংগীক বিশেষ ১০ টা প্ৰশ্ন সোধা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  1. বিত্ত সম্পৰ্কীয়ঃ বিয়াৰ পূৰ্বে বহুতে টকা-পইচা সন্দৰ্ভত কথা পাতিবলৈ বেয়া পায়। কিন্তু বিয়াৰ পাছত বহুতৰে মাজত টকা-পইচা মুখ্য সমস্যা হৈ পৰে। যাৰ বাবে বিয়াৰ পূৰ্বে এই দিশটোৰ ওপৰত আলোচনা কৰা ভাল।
  2. শিশুঃ বিয়াৰ পূৰ্বে শিশুৰ জন্ম সন্দৰ্ভত সংগীৰ সৈতে কথা পতা ভাল। সংগীয়ে সন্তান বিচাৰেনে নাই, কেতিয়া বিচাৰে এই সন্দৰ্ভত জনা দৰকাৰ। কোনে, কেনেকৈ শিশুৰ চোৱাচিতা কৰিব এই সন্দৰ্ভতো অলপ আলোচনা কৰা দৰকাৰ।
  3. কাজিয়াঃ বিয়াৰ পাছত কাজিয়া হোৱা সাধাৰণ কথা। কিন্তু কাজিয়াক লৈ আপোনাৰ সংগীয়ে কি ভাবে সেয়া জনা দৰকাৰ। কাজিয়া হ’লে সংগীয়ে লগে লগে সমস্যা সমাধান কৰিব বিচাৰে নে অলপ সময় বিচাৰে এই সন্দৰ্ভত জনা দৰকাৰ।
  4. পৰিয়ালঃ সংগীৰ পৰিয়ালৰ সৈতে কেনে সম্পৰ্ক আছে এই সন্দৰ্ভত জনাৰ অধিকাৰ আপোনাৰ আছে। গতিকে ইয়াৰ বিষয়ে সংগীক প্ৰশ্ন সোধা প্ৰয়োজন। সংগীয়ে কোনটো দিশত গুৰুত্ব দি চলিব বিচাৰে বা দুয়ো কেনেকৈ সকলো পৰিচালনা কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰা দৰকাৰ।
  5. দায়িত্বঃ বিয়াৰ পূৰ্বে দায়িত্ব সন্দৰ্ভত আলোচনা কৰাও দৰকাৰ। ঘৰৰ কোনটো দায়িত্ব কোনে, কেনেকৈ পালন কৰিব তাৰ ওপৰত আলোচনা কৰা দৰকাৰ। এজনে আনজনৰ ভাল পোৱা, বেয়া পোৱা দিশটো জনা দৰকাৰ। গতিকে সেই অনুসৰি দায়িত্ব ভগাব পাৰে। কোনোৱে যাতে কামৰ অধিক বোজা লাভ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে।
  6. কেৰিয়াৰঃ সংগীৰ কেৰিয়াৰৰ লগত জড়িত প্ৰশ্ন কৰিব পাৰে। কেৰিয়াৰত আৰ্থিক দিশটো নিৰ্ভৰ কৰে।গতিকে সংগীয়ে ব্যৱসায় নে চাকৰি কৰিব বিচাৰে এই ক্ষেত্ৰত প্ৰশ্ন কৰা দৰকাৰ। তেতিয়া ইজনে আনজনক সমৰ্থন কৰিব পাৰিব।
  7. লাইফষ্টাইলঃ সংগীয়ে কেনেধৰণৰ লাইফষ্টাইল ভাল পাই সেই সন্দৰ্ভত জনা দৰকাৰ। বিয়াৰ পূৰ্বে এই বিষয়ত জনাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা লাইফষ্টাইল বেলেগ হ’ব পাৰে। কিন্তু বুজাবুজি থাকিলে সকলো ঠিক হয়। সংগীয়ে আপোনাক বুজি পাই নে নাপাই সেই সন্দৰ্ভত জনা দৰকাৰ।
  8. বিশ্বাসঃ এখন সুস্থ বিয়াৰ বাবে বিশ্বাস আৰু প্ৰেম প্ৰয়োজন। গতিকে সংগীয়ে আপোনাক কিমান ভাল পাই বা বিশ্বাস কৰে সেয়া জনা দৰকাৰ। ইয়াৰোপৰি  সংগীৰ ভালপোৱা, বেয়া পোৱা প্ৰতিটো দিশৰ ওপৰত অলপ জ্ঞাত হোৱা প্ৰয়োজন। এই ক্ষেত্ৰত প্ৰশ্ন সুধিব পাৰে।
  9. সিদ্ধান্তঃ জীৱনত সকলোৰে উত্থান-পতন থাকে। গতিকে সকলো দিশত দুয়ো একেলগে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহিব পাৰে। এই সকলো দিশত আপুনি সংগীৰ সৈতে কথা পাতিব পাৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানী অভিনেত্ৰীৰ সৈতে ফটো শ্বেয়াৰ দিলজিৎ দোচাঞ্জৰ, ক’লে- দেশতকৈ ওপৰত…