পাকিস্তান নহয়, সিন্ধু জল চুক্তিৰ পানী এতিয়া বৈ যাব ৰাজস্থানলৈ
পহলগাম আক্ৰমণৰ পিছতে ভাৰতে স্থগিত ৰখা সিন্দু জল চুক্তি সন্দৰ্ভত ভাৰতে বাৰে বাৰে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই বিষয়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভাৰতে এই চুক্তি পুনৰ কাৰ্যকৰী নকৰে বুলি স্পষ্ট কৰি দি তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্যও প্ৰকাশ কৰিছে। চাওঁ আহক এই বিষয়ে।
জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান মূলৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰত চৰকাৰে স্থগিত ৰাখিছিল সিন্দু জল চুক্তি। ভাৰতৰ এই সিদ্ধান্তই একপ্ৰকাৰে জলসংকটত পেলাইছে পাকিস্তানক। দুয়োখন চুবুৰীয়া দেশৰ মাজত সৃষ্টি হোৱা যুদ্ধময় পৰিস্থিতিৰ মাজত সিন্ধু জল চুক্তি স্থগিত ৰখাটো পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ভাৰতৰ এই কঠোৰ কূটনৈতিক সিদ্ধান্তই যে পাকিস্তানক ভৱিষ্যতেও গুৰুতৰ সমস্যাত পেলাব, সেয়া নিশ্চিত হৈ পৰিছে। সেয়ে দেশখনে ভাৰতৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে।
অৱশ্যে ভাৰতে বাৰে বাৰে এইক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি দিছে। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই বিষয়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভাৰতে এই চুক্তি পুনৰ কাৰ্যকৰী নকৰে বুলি স্পষ্ট কৰি দি তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্যও প্ৰকাশ কৰিছে। চাওঁ আহক এই বিষয়ে।