নুমলীগড় শোধাগাৰৰ পৰা ডিজেল কিনিব বাংলাদেশে, ১৮০ হাজাৰ টন ডিজেল ক্ৰয়ত অনুমোদন
বাংলাদেশে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ চৰকাৰী মালিকানাধীন নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ১ লাখ ৮০ হাজাৰ টন ডিজেল আমদানি কৰিবলৈ অনুমোদন জনাইছে আৰু এই ক্ৰয়ৰ বাবে আনুমানিক ১৪.৬২ বিলিয়ন বাংলাদেশী টাকাৰ প্ৰতিশ্ৰুতি দিছে।
২০২৪ চনৰ জুলাই বিদ্ৰোহৰ পৰা বৰ্তমানলৈকে হিংসাৰ জুইত উমি উমি জ্বলি আছে বাংলাদেশ। এফালে হিন্দুৰ ওপৰত অত্যাচাৰ আৰু আনফালে ইজনৰ পাছত সিজন ৰাজনৈতিক নেতাক হত্যা। এতিয়াও বাংলাদেশত হিংসাৰ জুই নুমুৱা নাই। ইফালে অহা ফেব্ৰুৱাৰীত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। বৰ্তমান বাংলাদেশত শাসন চলাই আছে অন্তৱৰ্তীকালীন চৰকাৰে আৰু এই চৰকাৰক নেতৃত্ব দিছে নোবেল বিজয়ী মহম্মদ ইউনুচে।
বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পাছতেই ক্ষমতালৈ আহে ইউনুচ। কিন্তু তেতিয়াৰ পৰাই ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক অৱনতি ঘটি আহিছে। চীনত গৈ ইউনুচে ভাৰতৰ সাত ভনীক লেণ্ড লক এৰিয়া আৰু বংগোপসাগৰত বাংলাদেশৰ নিয়ন্ত্ৰণ আছে বুলি এক মন্তব্য কৰিছিল। শেহতীয়াকৈ বাংলাদেশী একাংশ যুৱ নেতায়ো ভাৰতৰ সতভনী হিচাপে পৰিচিত উত্তৰ-পূৰ্বাঞ্চল দখল কৰাৰ হুংকাৰ দি আহিছে। যাৰ ফলত ভাৰত-বাংলাদেশৰ সম্পৰ্কত তিক্ততা বাঢ়িছে।
এইবোৰৰ মাজতে এটা যোগাত্মক খবৰ আহিছে। বাংলাদেশে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ চৰকাৰী মালিকানাধীন নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ১ লাখ ৮০ হাজাৰ টন ডিজেল আমদানি কৰিবলৈ অনুমোদন জনাইছে আৰু এই ক্ৰয়ৰ বাবে আনুমানিক ১৪.৬২ বিলিয়ন বাংলাদেশী টাকাৰ প্ৰতিশ্ৰুতি দিছে।
বিত্ত উপদেষ্টা ছালেহুদ্দিন আহমেদৰ অধ্যক্ষতাত ৬ জানুৱাৰীত ঢাকাত অনুষ্ঠিত এখন বৈঠকত চৰকাৰী ক্ৰয়ৰ পৰামৰ্শদাতা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী মালিকানাধীন বাংলাদেশ পেট্ৰলিয়াম নিগমে এই ইন্ধন ক্ৰয় কৰিব, আৰু বিপিচিৰ দ্বাৰা প্ৰত্যক্ষ নিষ্পত্তি আৰু বেংক ঋণৰ জৰিয়তে বিত্তীয় সাহায্যৰ দ্বাৰা ধন পৰিশোধ কৰা হ’ব।
এই চুক্তিৰ সৈতে পৰিচিত বিষয়াসকলে কয় যে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগী কোম্পানী এন আৰ এলৰ সৈতে আলোচনাৰ অন্তত আমদানি ব্যয় চূড়ান্ত কৰা হৈছে। প্ৰতি বেৰেলত ৮৩.২২ ডলাৰৰ ভিত্তি মূল্যতকৈ ৫.৫০ ডলাৰৰ প্ৰিমিয়ামৰ ভিত্তিত মুঠ মূল্য ১১৯.১৩ মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্যৰ লগত সংগতি ৰাখি চূড়ান্ত মূল্যৰ উঠা-নমা হ’ব।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শক্তি, শক্তি আৰু খনিজ সম্পদ উপদেষ্টা মহম্মদ ফৌজুল কবীৰ খানে কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত স্বাক্ষৰিত ১৫ বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনত এই আমদানি কৰা হৈছে। এন আৰ এলৰ শোধনাগাৰ অসমত অৱস্থিত। ইয়াৰ পৰা ডিজেল শিলিগুৰিলৈ পৰিবহণ কৰা হয় আৰু তাৰ পিছত ২০২২ চনৰ ডিচেম্বৰ মাহত কাৰ্যক্ষম হোৱা বাংলাদেশ-ভাৰত মৈত্ৰী পাইপলাইনৰ জৰিয়তে বাংলাদেশলৈ যোগান ধৰা হয়।