বন্ধ হৈ পৰিছে নেকি LICৰ পলিচি? তেন্তে আছে এক ভাল খবৰ…
LIC Policy: আপোনাৰো LIC পলিচি আছে নেকি। কিন্তু টকা দিব নোৱাৰাৰ বাবে বন্ধ হৈ পৰিছে নেকি? তেন্তে আপোনাৰ বাবে এক ভাল খবৰ আনিছে এল আই চিয়ে। ইয়াৰ সহায় আপুনি পাব বিশেষ ৰেহাই।
টকাৰ অভাৱত আপোনাৰ কোনো এল আই চি পলিচি (LIC Policy) বন্ধ হৈ পৰিছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক খবৰ। ২০২৬ চনত ভাৰতীয়া জীৱন বীমা নিগম (LIC) য়ে আপোনাৰ বাবে আনিছে এই খবৰ। সমগ্ৰ দেশতে আৰম্ভ হৈছে এক বিশেষ পুনৰজ্জীৱিন অভিযান। ইয়াৰ অধীনত আপুনি ৰেহাই লাভ কৰিব আৰু বন্ধ হৈ পৰা পলিচি পুনৰ উদ্ধাৰ কৰিব পাৰিব। ইয়াৰ বাবে LIC য়ে সময় দিছে ২ মাৰ্চ, ২০২৬।
কিমান ৰেহাই পাব?
যদি আপোনাৰ মাইক্ৰ’ ইনশ্বুৰেন্স প্লেন আছে তেন্তে লেট মাচুলৰ ওপৰত ১০০ শতাংশ ৰেহাই পাব। অৰ্থাৎ কোনো ধৰণৰ জৰিমনা ভৰিব নালাগিব। আনহাতে, নন-লিংকড প্লেনৰ ক্ষেত্ৰত ৰেহাই ৩০ শতাংশ পৰ্যন্ত হ’ব। কিন্তু এই ৰেহাইৰ সৰ্বোচ্চ সীমা ৫ হাজাৰ টকা ৰখা হৈছে।
কোনে পাব এই সুযোগ?
আপুনি কেতিয়াৰ পৰা প্ৰিমিয়াম দিয়া নাই? এই ক্ষেত্ৰত প্ৰিমিয়াম নিদিয়াৰ ৫ বছৰৰ ভিতৰত আবেদন কৰিলে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। কিন্তু মনত ৰখা দৰকাৰ যে, পলমকৈ দিয়া প্ৰিমিয়ামৰ জৰিমনা ৰেহাই দিলেও স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত কিছু চৰ্ত মানি চলিব লাগিব। বিশেষ নিয়ম সলনি হোৱা নাই যদিও স্বাস্থ্য সম্পৰ্কীয় চৰ্তসমূহ পূৰণ কৰিব লাগিব।
বজাৰৰ প্ৰতিক্ৰিয়া কি?
এই ঘোষণাৰ পাছতে বজাৰত LIC শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। জানুৱাৰীত বজাৰ বন্ধ হোৱাৰ সময়ত এল আই চিৰ শ্বেয়াৰৰ মূল্য আছিল ৮৬১ টকা ২৫ পইচা। আগৰ দিনৰ তুলনাত ইয়াৰ পৰিমাণ প্ৰায় ০.৯৯ শতাংশ বেছি। এই ক্ষেত্ৰত বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত LIC য়ে বাকী থকা ধন ঘূৰাই পাব। ইয়াৰোপৰি পৰিয়ালৰ আৰ্থিক নিৰাপত্তা পুনৰ লাভৰ বাবে এইটোৱেই উত্তম সময়। গতিকে পলম নকৰাকৈ এই ক্ষেত্ৰত LIC এজেণ্ট বা শাখাৰ সৈতে যোগাযোগ কৰক।
অন্য খবৰ পঢ়কঃ অৱসৰৰ সময়ত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? জানক সমগ্ৰ প্ৰক্ৰিয়া…