শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Headline: প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানৰ পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লৈ…পুৱাৰ খবৰ পঢ়ক

আজি ১৫ ডিচেম্বৰ, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানৰ পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লৈ…পুৱাৰ খবৰ পঢ়ক
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 15 Dec 2025 07:53 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমৰ সাংবাদিকতাৰ জগতৰ পুৰোধা ব্যক্তি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা। প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমৰ সংবাদ জগত।
  2. অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত শ্ৰমিৰ ভিতৰত ২০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ দুৰ্ঘটনাস্থলীৰ পৰা দেওবাৰে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱা ৮ ডিচেম্বৰত অসমৰ ২২ জন শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰে।
  3. ২৪ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ২০২৫-২৬। বিগত বৰ্ষৰ দৰে এইবাৰো অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ দেওবাৰে বহু প্ৰত্যাশিত ২০২৫-২৬ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়।
  4. অসমত পুনৰ CAAৰ অধীনত এগৰাকী মহিলাসহ দুজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰ লগে লগে অসমত CAAৰ অধীনত নাগৰিকত্ব লাভ লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। আবেদনকাৰী অধিবক্তাই কয় যে, CAAৰ অধীনত এগৰাকী মহিলাসহ দুজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে, যাৰ ফলত অসমত এই আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে।
  5. অষ্ট্ৰেলিয়াৰ ছিডনীৰ বণ্ডি বিচত সংঘটিত হৈছে গুলীচালনা। এই আক্ৰমণত ১০ জন লোকৰ মৃত্যু হৈছে, আৰু ৬০ জন লোক আহত হৈছে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে দেওবাৰে সন্ধিয়া নিশ্চিত কৰে যে ৯ জন লোক আৰু এজন সন্দেহযুক্ত বন্দুকধাৰীৰ মৃত্যু হৈছে। ইহুদীসকলৰ হানুকা উৎসৱৰ সময়ত ছিডনীত এই আক্ৰমণ সংঘটিত হৈছিল।
  6. ২০২৩ চনৰ মে’ মাহৰ পিছত প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছে মণিপুৰৰ মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ বিজেপি বিধায়ক। দেওবাৰে দিল্লীত দুয়োটা সম্প্ৰদায়ৰ বিজেপি নেতাই দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়। দীৰ্ঘদিন ধৰি মণিপুৰত শান্তিৰ প্ৰচেষ্টা অব্যাহত আছে যদিও পৰিস্থিতিৰ উন্নতি হোৱা নাই। এই নতুন পদক্ষেপে পুনৰবাৰ মণিপুৰত শান্তিৰ আশাৰ সঞ্চাৰ কৰিছে।
  7. ১৯ অনুৰ্ধ এছিয়া কাপৰ পঞ্চমখন খেলত ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ২৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে পাকিস্তানী দলটোৱে ২৪০ ৰান অতিক্ৰম কৰাত ব্যৰ্থ হয়। ভাৰতৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ডুবাই খেলপথাৰত মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: এইসকলৰ বৃদ্ধি হ’ব ধন-সম্পত্তি, চাওক সোমবাৰৰ দিনটোৰ ৰাশিফল…