চকুত দেখা দিয়া কিডনী ৰোগৰ ৪ টা গুৰুতৰ লক্ষণ

December 14, 2025

TV9 ASSAM

চকুত কিডনী ৰোগৰ লক্ষণো ধৰা পৰে নেকি? আচৰিত যেন লাগিব পাৰে, কিন্তু শেহতীয়া কিছুমান গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে।

কিডনী ৰোগ

নেচনেল কিডনী ফাউণ্ডেচনৰ তথ্য অনুসৰি কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ কিছু লক্ষণ চকুলৈ চাই বুজিব পাৰি। 

কিডনীৰ কাৰ্যক্ষমতা 

যেতিয়া কিডনীয়ে সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰভাৱ চকুতো পৰে।

প্ৰভাৱ

যেতিয়া কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পায় তেতিয়া চকুৰ চাৰিওফাল ফুলি উঠে। যদি চকু ফুলাটো প্ৰতিদিনে স্পষ্ট হৈ আহিছে, তেন্তে বুজিব যে, ই দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগৰ লক্ষণ।

চকু ফুলি উঠে

যদি চকুত অনবৰতে খজুৱতি হয়, চকু ৰঙা পৰে আৰু ফুলি উঠে, তেন্তে আপুনি বুজিব লাগে যে শৰীৰত এটা সমস্যা আছে।

খজুৱতি হয়

বৃক্কৰ ৰোগত ৰক্তচাপৰ উঠা-নমা হ’ব পাৰে। ৰক্তচাপ বাঢ়িলে চকুৰ ৰক্তবাহী নলীবোৰ ফাটি যাব পাৰে। ফলত ৰেটিনোপেথীৰ সম্ভাৱনা বৃদ্ধি পায়। দৃষ্টিশক্তি ম্লান হৈ পৰিব পাৰে।

দৃষ্টিশক্তি ম্লান 

চকুৰ এই লক্ষণসমূহ কেৱল বৃক্কৰ ৰোগৰ বাবেই নহয়, আন বহুতো সাধাৰণ কাৰণতো হ’ব পাৰে। কিন্তু এই লক্ষণসমূহ যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে সাৱধান হোৱা উচিত।

সাৱধান হোৱা উচিত

পঢ়িবলৈ ক্লিক কৰক

ৰাছিয়াত হিন্দুৰ সংখ্যা কিমান ?