আজি চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু বাৰ্ষিকী, চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
আজি ১৫ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত চৰ্দাৰ বল্লভভাই পেটেলে ১৯৫০ চনৰ ১৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। চাওঁ দিনটোৰ ইতিহাস।
দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু বাৰ্ষিকী হিচাপে ১৫ ডিচেম্বৰ তাৰিখটো ইতিহাসত লিপিবদ্ধ কৰা হৈছে। ১৮৭৫ চনৰ ৩১ অক্টোবৰত গুজৰাটৰ খেদা জিলাৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা পেটেল কূটনৈতিক ক্ষমতাৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীনতাৰ পিছত দেশৰ বৰ্তমানৰ মানচিত্ৰ গঢ় দিয়াত অমূল্য অৱদান আগবঢ়াইছিল।
দেশক একত্ৰিত কৰাত পেটেলৰ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষমতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰত্ন সন্মানেৰে সন্মানিত চৰ্দাৰ বল্লভভাই পেটেলে ১৯৫০ চনৰ ১৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। জাতীয় ঐক্যৰ প্ৰতি তেওঁৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গুজৰাটৰ নৰ্মদা নদীৰ সমীপত তেওঁৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াক বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি বুলি দাবী কৰা হয়। ইয়াৰ লগতে আজিৰ দিনটোত কি কি ঘটিছিল চাওঁ আহক।
১৫ ডিচেম্বৰৰ ইতিহাস পঢ়ক
১৭৪৯ চনত শিৱাজী মহাৰাজৰ নাতি সাহুজীৰ মৃত্যু হয়।
১৮০৩ বল্লভভাই ভনছলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা দেওগাঁও সন্ধিৰ অধীনত উৰিষ্যা আৰু কটক কোম্পানীৰ শাসনৰ অধীনলৈ আহে।
১৯৫০ চনত ভাৰতৰত্ন বঁটা লাভ কৰা দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু।
১৯৫০ চনত পৰিকল্পনা আয়োগ গঠন কৰা হয়।
১৯৫৩ চনত ভাৰতৰ এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অষ্টম অধিৱেশনৰ সভাপতি নিৰ্বাচিত হয় আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হয়।
১৯৭৬ চনত ছিকিমত ভাৰতৰ বিখ্যাত ফুটবলাৰ বাইচুং ভূটিয়াৰ জন্ম হয়।
১৯৯৭ চনত জেনেট ৰ’জেনবাৰ্গ জাগান গায়ানাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত মহিলা ৰাষ্ট্ৰপতিৰ লগতে প্ৰথমগৰাকী বগা ৰঙৰ ৰাষ্ট্ৰপতিও আছিল।
১৯৯৭ চনত অৰুন্ধতী ৰায়ে বুকাৰ বঁটা লাভ কৰে। এই সন্মানীয় সাহিত্য বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল তেওঁৰ উপন্যাস ‘দ্য গড অৱ স্মল থিংছ’ৰ বাবে।
২০১১ চনত ইৰাক যুদ্ধ আনুষ্ঠানিকভাৱে সমাপ্ত হয়। দেশখনত অভিযানৰ অন্ত পৰাৰ কথা ঘোষণা কৰিলে আমেৰিকাই।