শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এটা বিৰল বিবাহ বিচ্ছেদৰ গোচৰ, জানিলে আচৰিত হ'ব আপুনি...

এটা বিৰল বিবাহ বিচ্ছেদৰ গোচৰ, জানিলে আচৰিত হ’ব আপুনি…

trishna-kalita
Trishna Kalita | Published: 14 Dec 2025 22:55 PM

শেহতীয়াকৈ প্ৰায় প্ৰতিটো বিবাহ বিচ্ছেদৰ ঘটনাত, সেয়া চুবুৰীৰ ঘৰেই হওক বা চেলিব্ৰিটি দম্পতীয়েই হওক, সেইবোৰৰ মাজত এটা সাদৃশ্য আছে, সেয়া হ’ল আকাশলংঘী বিবাহ বিচ্ছেদৰ হাৰ। যিটো ভয়ত কিছুমান পুৰুষে বিবাহৰ প্ৰতি বিমুখ হৈ পৰিছে।

সাধাৰণতে বিবাহ বিচ্ছেদৰ ঘটনাত এগৰাকী মহিলাৰ সমস্ত ভৰণ-পোষণৰ দায়িত্ব পুৰুষজনে বহন কৰিবলগা হয়। তাৰ উপৰিও বহু ধন আদায় দিবলগীয়া হয়। কিন্তু উচ্চতম ন্যায়ালয়ত দেখা গ’ল বিবাহ বিচ্ছেদৰ এটা বিৰল গোচৰ। ইমানেই বিৰল যে বিচাৰকসকলে সমগ্ৰ ঘটনাটোক ‘পূৰ্বে কেতিয়াও নেদেখা’ বুলি অভিহিত কৰিছিল। য’ত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ বাবে একো লোৱা নাছিল। আনকি বিয়াত শহুৰৰ ঘৰৰ পৰা পোৱা সোণৰ খাৰু  ঘূৰাই দিয়ে।