দেওবাৰলৈকে অৰুণাচলৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ…
এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ দুৰ্ঘটনাস্থলীৰ পৰা দেওবাৰে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱা ৮ ডিচেম্বৰত অসমৰ ২২ জন শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰে।
অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত শ্ৰমিৰ ভিতৰত ২০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ দুৰ্ঘটনাস্থলীৰ পৰা দেওবাৰে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱা ৮ ডিচেম্বৰত অসমৰ ২২ জন শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সচিব ডানি ছালুৱে এক বিবৃতিত কয় যে, শুকুৰবাৰৰ পৰা এতিয়ালৈকে দুৰ্ঘটনাস্থলীৰ পৰা ২০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহ কেইটা পৰিয়ালকেইটাক গতাই দিয়া বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ হাউলিয়াঙৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত ৮ ডিচেম্বৰৰ সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা।
১০ ডিচেম্বৰৰ সন্ধিয়া দুৰ্ঘটনাত পতিত শ্ৰমিকৰ ভিতৰৰ এজন জীৱিত লোকে দ খাৱৈৰ পৰা উঠি আহি ওচৰৰ বি আৰ টি এফ শ্ৰম শিবিৰত উপস্থিত হ’বলৈ সক্ষম হয় আৰু তাৰ পিছত কৰ্তৃপক্ষক এই ঘটনা বিষয়ে অৱগত কৰে। শ্ৰমিকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।
এন ডি আৰ এফ আৰু সেনাবাহিনীৰ যৌথ দলে দেওবাৰে পুৱা ৬ বজাত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে, ১২ ডিচেম্বৰ তাৰিখে দুৰ্ঘটনাস্থলীলৈ গৈছিল মন্ত্ৰী বিমল বড়া। তেওঁ জানিবলৈ দিছিল যে,পৰিস্থিতি অত্যন্ত বেদনাদায়ক হ’লেও জিলা প্ৰশাসন, ভাৰতীয় সেনা, NDRFসহ সকলোৰে সহযোগত উদ্ধাৰ অভিযান তৎপৰতাৰে চলি আছে৷ কঠিন পৰিস্থিতি, গভীৰ আৰু পথৰ বিপজ্জনক অৱস্থাৰ মাজতো উদ্ধাৰকাৰীসকলে অদম্য সাহসৰে উদ্ধাৰকাৰ্য চলাই আছে।