TV9 ASSAM
পাকিস্তানৰ বিৰুদ্ধে পুৰুষৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ গ্ৰুপ মেচত আজি ভাৰতে পৰাস্ত কৰে পাকিস্তানক। প্ৰতিযোগিতাত এয়া ভাৰতৰ দ্বিতীয় জয়।
মেচখনত ভাৰতীয় কিশোৰ চাঞ্চল্য বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫ ৰান সংগ্ৰহ কৰে। বেটত ব্যৰ্থ হ’লেও পিছে বৈভৱে বলিঙত লাভ কৰে সফলতা।
মেচখনত তেওঁ ১ অভাৰ বলিং কৰি দখল কৰে পাকিস্তানী অধিনায়ক ফাৰহান ইউছুফৰ (২৩ ৰান) উইকেট। এইদৰে বৈভৱে ভংগ কৰে এক সফল যুটি।
ভাৰতে মেচখনত প্ৰথমে বেটিং কৰি ২৪০ ৰান সংগ্ৰহ কৰাৰ পিছত পাকিস্তান মাত্ৰ ১৫০ ৰানত অল আউট হয়। এইদৰে পাকিস্তান ৯০ ৰানত পৰাস্ত হয়।
আজিৰ মেচত জয় লাভেৰে বৈভৱ সূৰ্যবংশীয়ে পাকিস্তানৰ বিপক্ষে পূৰ্বৰ মেচত হোৱা পৰাজয়ৰ পোতক তোলে।
এমাৰ্জিং টীমছ্ এছিয়া কাপত পাকিস্তানৰ বিপক্ষে ভাৰত পৰাস্ত হৈছিল। এই মেচখনত অৱশ্যে বৈভৱে ৪৫ ৰান সংগ্ৰহ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
এই ৩টা মূৰ্তি ঘৰত ৰাখিলে দূৰ হ'ব সুখ-শান্তি