বিষাক্ত হৈ পৰিছে দিল্লীৰ বতাহ, কাৰ্যকৰী কৰা হ’ল GRAP-4
শেহতীয়াকৈ দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-3 কাৰ্যকৰী কৰিছিল। কিন্তু ক্ৰমান্বয়ে বৃদ্ধি পোৱা প্ৰদূষণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত কেইঘণ্টামানৰ ভিতৰতে GRAP Stage-4 কাৰ্যকৰী কৰা হয়।
ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে দেশৰ ৰাজধানী দিল্লী। শীতকালীন সময়ছোৱাত ঠাণ্ডাৰ সমান্তৰালকৈ দিল্লীত প্ৰদূষণৰ মাত্ৰা অত্যন্ত বৃদ্ধি পায়। কিন্তু এইবাৰ দিল্লীৰ প্ৰদূষণ হৈ পৰিছে পূৰ্বতকৈ অধিক ভয়ংকৰ। একপ্ৰকাৰে দিল্লীৰ বায়ু এতিয়া হৈ পৰিছে অত্যন্ত বিষাক্ত। প্ৰদূষণৰ এনে ভয়াৱহতাৰ সৈতে মোকাবিলা কৰাটো দিল্লী চৰকাৰৰ বাবে হৈ পৰিছে অতি প্ৰত্যাহ্বানজনক। শেহতীয়াকৈ দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-3 কাৰ্যকৰী কৰিছিল।
কিন্তু ক্ৰমান্বয়ে বৃদ্ধি পোৱা প্ৰদূষণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত কেইঘণ্টামানৰ ভিতৰতে GRAP Stage-4 কাৰ্যকৰী কৰা হয়। পিছে কি এই GRAP Stage-4? এই ব্যৱস্থাৰ জৰিয়তে কেনে পন্থা গ্ৰহণ কৰা হয়? এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’…
