শিৱসাগৰত গঁড়ৰ আক্ৰমণত এজন আহত। আহত ব্যক্তিজনৰ নাম দীপাংকৰ কোঁৱৰ ।গৌৰীসাগৰৰ ভিতৰুৱাল জকাইচুক পথাৰত সংঘটিত হৈছে এই ঘটনা। আজি পুৱা প্ৰায় ৯ মান বজাত সংঘটিত হৈছে এই ঘটনা ৷ পথাৰত ঘাহঁ কাটিবলৈ গৈছিল দীপাংকৰ কোঁৱৰে। ইতিমধ্যে শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত দীপাংকৰক স্থানীয় ৰাইজে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ৷ ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷