শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বছৰৰ শেষলৈ নক্ষত্ৰ পৰিৱৰ্তন হ’ব শুক্ৰৰ; এই তিনি ৰাশিৰ উজলিব ভাগ্য, হ’ব ধনৰ আগমন

বছৰৰ শেষলৈ অৰ্থাৎ ৩০ ডিচেম্বৰৰ নিশা শুক্ৰ পুৰ্বাষাঢ়া নক্ষত্ৰলৈ গতি কৰিব। লক্ষণীয়ভাৱে শুক্ৰ হৈছে এই নক্ষত্ৰৰ শাসক, গতিকে শুক্ৰৰ এই গতি পৰিৱৰ্তন বহু ৰাশিৰ বাবে শুভ বিবেচিত হ’ব। জ্যোতিষীসকলে উল্লেখ কৰাৰ দৰে এই ভাগ্যৱান ৰাশিসমূহৰ বিষয়ে জানো আহক।

বছৰৰ শেষলৈ নক্ষত্ৰ পৰিৱৰ্তন হ’ব শুক্ৰৰ; এই তিনি ৰাশিৰ উজলিব ভাগ্য, হ’ব ধনৰ আগমন
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 15 Dec 2025 11:00 AM

হিন্দু ধৰ্মত গ্ৰহ-নক্ষত্ৰৰ গতিক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে মান্যতা দিয়া হয়। ব্যক্তিৰ জীৱনত গ্ৰহ-নক্ষত্ৰৰ স্থান পৰিৱৰ্তনে যথেষ্ট প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। সেয়ে জ্যোতিষ শাস্ত্ৰই দিয়া আগজাননী আৰু বিধানক ধৰ্ম বিশ্বাসীসকলে অত্যন্ত মান্যতা দিয়ে। জ্যোতিষত সকলো গ্ৰহৰ ভিতৰত শুক্ৰক আটাইতকৈ শুভ হিচাপে গণ্য কৰা হয়। শুক্ৰ গ্ৰহক সুখ-সমৃদ্ধি, সৌন্দৰ্য আৰু বিলাসীতাৰ গ্ৰহ বুলিও কোৱা হয়। জ্যোতিষ মতে শুক্ৰ বৰ্তমান বৃশ্চিক ৰাশিত আছে আৰু ২০ ডিচেম্বৰত ধনু ৰাশিলৈ গতি কৰিব।

ইয়াৰ পিছত বছৰৰ শেষলৈ অৰ্থাৎ ৩০ ডিচেম্বৰৰ নিশা শুক্ৰ পুৰ্বাষাঢ়া নক্ষত্ৰলৈ গতি কৰিব। লক্ষণীয়ভাৱে শুক্ৰ হৈছে এই নক্ষত্ৰৰ শাসক, গতিকে শুক্ৰৰ এই গতি পৰিৱৰ্তন বহু ৰাশিৰ বাবে শুভ বিবেচিত হ’ব। জ্যোতিষীসকলে উল্লেখ কৰাৰ দৰে এই ভাগ্যৱান ৰাশিসমূহৰ বিষয়ে জানো আহক।

বৃষ ৰাশি

বছৰৰ শেষত শুক্ৰ ৰাশিৰ নক্ষত্ৰ পৰিৱৰ্তন বৃষ ৰাশিৰ বাবে যথেষ্ট উপকাৰী বিবেচিত হ’ব। সৌভাগ্যৰ উদয় হ’ব। আৰ্থিক দিশত অতি শুভ বিবেচিত হ’ব। ব্যৱসায় আৰু কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। নিজ সিদ্ধান্তত অধিক ইতিবাচকতা অনুভৱ কৰিব। এই সময়খিনি ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত শুভ হ’ব।

তুলা ৰাশি

এই পৰিৱৰ্তন তুলা ৰাশিৰ লোকৰ বাবেও শুভ হৈ পৰিব। শ্বেয়াৰ মাৰ্কেট বা আন খণ্ডত বিনিয়োগ লাভজনক বিবেচিত হ’ব, অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। আৰ্থিক দিশত শুভ। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ সৈতে অধিক সময় কটাব পাৰিব আৰু ইয়াৰ দ্বাৰা মনত ইতিবাচক ভাৱ বৃদ্ধি পাব।

মকৰ ৰাশি

শুক্ৰ গ্ৰহৰ এই গতি পৰিৱৰ্তনে উপাৰ্জনৰ নতুন সুযোগ মুকলি কৰিব। দীৰ্ঘদিনৰ পৰা চাকৰিৰ সন্ধান চলাই থকাসকলে আশাপ্ৰদ খবৰ লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হ’ব। দৰমহা বৃদ্ধি কৰিব, সমান্তৰালকৈ মনত আত্মবিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্যৰ উন্নতি হ’ব।