শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমত পুনৰ CAAৰ অধীনত মহিলাসহ দুজনক ভাৰতীয় নাগৰিকত্ব প্ৰদান, এই সংখ্যা ৪ জনলৈ বৃদ্ধি…

CAAৰ অধীনত এগৰাকী মহিলাসহ দুজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে, যাৰ ফলত অসমত এই আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে।

অসমত পুনৰ CAAৰ অধীনত মহিলাসহ দুজনক ভাৰতীয় নাগৰিকত্ব প্ৰদান, এই সংখ্যা ৪ জনলৈ বৃদ্ধি…
manas-borah
Manas Borah | Updated On: 14 Dec 2025 18:39 PM

অসমত পুনৰ CAAৰ অধীনত এগৰাকী মহিলাসহ দুজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰ লগে লগে অসমত CAAৰ অধীনত নাগৰিকত্ব লাভ লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। আবেদনকাৰী অধিবক্তাই কয় যে, CAAৰ অধীনত এগৰাকী মহিলাসহ দুজন লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে, যাৰ ফলত অসমত এই আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, শিলচৰস্থিত বিদেশী ন্যায়াধিকৰণৰ প্ৰাক্তন সদস্য জ্যেষ্ঠ অধিবক্তা ধৰ্মানন্দ দেৱে উল্লেখ কৰে যে, ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই আইনৰ অধীনত এগৰাকী মহিলাক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতলৈ অহা ৪০ বছৰীয়া মহিলাগৰাকীয়ে শ্ৰীভূমিত বাস কৰিছিল, আনহাতে ১৯৭৫ চনত ভাৰতলৈ অহা ৬১ বছৰীয়া যুৱকজনে কাছাৰত বাস কৰিছিল।

অধিবক্তাগৰাকীয়ে উল্লেখ কৰে যে, শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু দুয়োজন ব্যক্তি ভাৰতত উপস্থিত হোৱাৰ দিনৰে পৰা নাগৰিকত্ব কাৰ্যকৰী বুলি গণ্য কৰা হ’ব। ইফালে, তেওঁলোকৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে অধিবক্তাগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে, বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা মহিলাগৰাকীয়ে পৰিয়ালৰ এজন সদস্যৰ চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ আহিছিল। শ্ৰীভূমিৰ এজন লোকক লগ পাই আৰু তাৰ পাছত বিয়া পাতি পুত্ৰ সন্তান জন্ম দি তাতেই থাকিবলৈ লয়।

তেওঁ বুজাই দিয়ে যে, যোৱা বছৰ CAAৰ নিয়ম অৱগত হোৱাৰ পিছত তেওঁ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। যোৱা বছৰৰ জুলাই মাহত দাখিল কৰা তেওঁৰ প্ৰথমখন আবেদন লোকসভা নিৰ্বাচনৰ পূৰ্বে সীমা নিৰ্ধাৰণৰ ফলত সৃষ্টি হোৱা বিভ্ৰান্তিৰ বাবে নাকচ কৰা হৈছিল। বৰ্তমান তেওঁ বাস কৰা বদৰপুৰক আংশিকভাৱে শ্ৰীভূমিৰ পৰা কাছাৰলৈ স্থানান্তৰিত কৰা হৈছিল, যাৰ ফলত তেওঁৰ অঞ্চলৰ অধিকাৰক্ষেত্ৰৰ বিষয়ে অনিশ্চয়তাৰ সৃষ্টি হৈছিল।

উকীলে পুনৰ আবেদন কৰিলে আৰু অৱশেষত তেওঁ আবেদন অনুমোদন হ’ল। তেওঁ অসমত CAAৰ অধীনত নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা । অধিবক্তাগৰাকীয়ে কয়, “নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬ বি আৰু ধাৰা ৫(১)(গ)ৰ অধীনত লাভ কৰিছে নাগৰিকত্ব, য’ত ভাৰতীয় নাগৰিকৰ সৈতে বিবাহিত ব্যক্তিয়ে ভাৰতত সাত বছৰ বাস কৰাৰ পিছত ভাৰতীয় নাগৰিক হিচাপে পঞ্জীয়ন কৰিব পাৰে।”

দ্বিতীয়জন শিলচৰ চহৰৰ বাসিন্দা বাংলাদেশৰ মৌলৱীবজাৰ জিলাৰ পৰা ১১ বছৰ বয়সত ভাৰতলৈ আহিছিল, লগতে স্থানীয়ভাৱে বিবাহপাশত আবদ্ধ হয়। প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ নাগৰিকত্ব লাভ কৰে। অসমত এতিয়া ১৯৭১ চনৰ কাট অফ ডেটৰ পিছত ভাৰতলৈ অহা চাৰিজন লোকক নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হৈছে।