অসমৰ সাংবাদিকতা ক্ষেত্ৰৰ পিতামহ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
অসমৰ সাংবাদিকতা ক্ষেত্ৰৰ পিতামহ প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। মহানগীৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে।
অসমৰ সাংবাদিকতাৰ জগতৰ পুৰোধা ব্যক্তি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। মহানগীৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা।
প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমৰ সংবাদ জগত। ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ পৰিচালন সঞ্চালক আছিল প্ৰায়ত প্ৰফুল্ল গোবিন্দ বৰুৱা। সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ২০২৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ৰাজ্যৰ শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি গৈছে প্ৰায়ত সাংবাদিকগৰাকীয়ে।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয়, “মহীৰূহগৰাকীৰ অৱদান অসমৰ সমাজ জীৱন তথা সংবাদ ক্ষেত্ৰই চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ প্ৰয়াণত সংবাদ ক্ষেত্ৰৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল৷ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আছাম ট্ৰিবিউন গোষ্ঠী আৰু গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”
উল্লেখ্য যে, ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা। তেওঁ ১৯৬৬ চনত দ্য আছাম ট্ৰিবিউনৰ সম্পাদক হোৱাৰ লগতে বৰ্তমান দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক আছিল। ২০১৯ চনৰ ৩ ফেব্ৰুৱাৰীত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।
অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ পিতামহ হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱাই তেওঁ কৰ্মজীৱনত আগবঢ়াই যোৱা অৱদানৰ বাবে বহু কেইটা বঁটা লাভ কৰে। ইয়াৰ ভিতৰত কমলা শইকীয়া ট্ৰাষ্ট, অসম সাহিত্য সভা আদিৰ বঁটা অন্যতম। কৰ্কট ৰোগক লৈ সজাগতা সৃষ্টিৰ বাবে ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে প্ৰফুল্ল গোবিন্দ বৰুৱাক সন্মানিত কৰিছিল। তেওঁক ১৯৯৯ চনত সাংবাদিকতাৰ শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়।