নতুন বছৰ ২০২৬ৰ আৰম্ভণিতে ঘৰত কৰক এইসমূহ কাম, বছৰটোলৈ দেখিব প্ৰগতিৰ মুখ
সংখ্যা বিজ্ঞানৰ মতে ২০২৬ চনটো হ’ব সূৰ্যৰ বছৰ। এই বছৰত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ ঘৰখনত সুখ-সমৃদ্ধি, ধন-সম্পত্তিৰে উভৈনদী হৈ পৰিব। বাস্তু নীতিৰ আধাৰত তলত তেনে কিছু বিধানৰ বিষয়ে উল্লেখ কৰা হ’ল।
আৰম্ভ হোৱাৰ দিশে আন এটা নতুন বছৰ। এটা মাত্ৰ পষেকৰ পিছত বিশ্ববাসীয়ে আদৰিব নতুন বছৰ ২০২৬ক। স্বাভাৱিকতেই প্ৰতিজন লোকে নতুন বছৰত এক সুখী আৰু স্বাচ্ছন্দ্যময় জীৱনৰ আশা কৰে। গতিকে নতুন বছৰৰ বাবেও এনে এক আশাই নিশ্চয় সকলোৱে কঢ়িয়াব বিচাৰিব। সংখ্যা বিজ্ঞানৰ মতে ২০২৬ চনটো হ’ব সূৰ্যৰ বছৰ। এই বছৰত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ ঘৰখনত সুখ-সমৃদ্ধি, ধন-সম্পত্তিৰে উভৈনদী হৈ পৰিব। বাস্তু নীতিৰ আধাৰত তলত তেনে কিছু বিধানৰ বিষয়ে উল্লেখ কৰা হ’ল।
মূল দুৱাৰ
ঘৰখনৰ মূল দুৱাৰে পৰিয়াল এটাৰ আৰ্থিক অৱস্থা নিৰূপণ কৰিব পাৰে। সেয়ে ঘৰৰ মূল দুৱাৰখন সদায় শুভ ৰঙৰ কৰিব লাগে। সোণালী, ৰূপালী, ৰঙা বা হালধীয়া ৰঙৰ দুৱাৰক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। দুৱাৰমুখত স্বস্তিকা আঁকিব আৰু শুভ অনুষ্ঠানত চাকি জ্বলাব লাগে।
সূৰ্যমুখী উদ্ভিদ
ঘৰত ৰঙীন আৰু সুগন্ধি ফুল ৰাখক। ৰঙা বা হালধীয়া ফুল এখন ঘৰৰ বাবে অত্যন্ত শুভ বিবেচিত হয়। যিহেতু নতুন বৰ্ষ ২০২৬ চন সূৰ্যৰ বছৰ, এনে পৰিস্থিতিত এজোপা সূৰ্যমুখী গছ ঘৰলৈ আনি ৰোপণ কৰিব পাৰে।
কুবেৰৰ মূৰ্তি
ঘৰৰ উত্তৰ দিশটোক ধনৰ দিশ বুলি বিশ্বাস কৰা হয়। সেয়ে এই দিশত ভগৱান কুবেৰৰ মূৰ্তি স্থাপন কৰক। উত্তৰ দিশক লগতে জল মৌলৰ দিশ হিচাপেও গণ্য কৰা হয়। এই দিশত পানীৰ লগত জড়িত যিকোনো বস্তু বা পাত্ৰত পানী জমা কৰি ৰখাটো অতি লাভজনক হিচাপে গণ্য কৰা হয়।
চেফত ৰঙা বা হালধীয়া কাপোৰ
সদায় চেফত পৰিষ্কাৰ ৰঙা বা হালধীয়া কাপোৰ এখন ৰাখিব লাগে। ইয়াৰ ভিতৰত কিছু নগদ ধন বা সোণ বা ৰূপৰ মুদ্ৰা আৰু গহনা নিশ্চয় ৰাখিব। তদুপৰি এটা গোটা হালধি, লক্ষ্মীযন্ত্ৰ, শ্ৰীযন্ত্ৰ বা কুবেৰযন্ত্ৰ নিৰাপদ স্থানত ৰাখিব পাৰে।
তামৰ সূৰ্য
ঘৰৰ উত্তৰ-পূব কোণত তামৰ সূৰ্যযন্ত্ৰ স্থাপন কৰক। এই যন্ত্ৰ মজিয়াৰ পৰা ৭ ফুট ওপৰত স্থাপন কৰিব লাগে। নতুন বছৰত প্ৰতিদিনে পুৱা উঠি গা ধুই এই সূৰ্যযন্ত্ৰত গংগা পানী ছটিয়াই তাৰ ওপৰত সেন্দূৰৰ তিলক লগাব লাগে।
ৰূপৰ পাত্ৰত চাউল
ৰূপৰ বাটি এটা চাউল ভৰাই উত্তৰ দিশত ৰাখিলেও অতি শুভ ফল পোৱা যায়। ইয়াৰ ফলত ঘৰখনলৈ ধনৰ আগমন নিশ্চিত হয় আৰু ধৈৰ্যসহকাৰে আৰ্থিক পৰিকল্পনা কৰাত সহায়ক হয়। উত্তৰ দিশত জাবৰ-জোঁথৰ বা গধুৰ বস্তু কেতিয়াও নাৰাখিব; এইসমূহ বস্তুৱে আপোনাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে।