জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী কৰিছে অনুৰাগীয়ে। আজি ১২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাকাণ্ডক চাৰ্জশ্বীট দাখিল কৰা হয়। প্ৰায় ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। এতিয়াও অভিযোগনামাৰ সবিশেষ পোহৰলৈ অহা নাই যদিও ৪ জনক হত্যাৰ বাবে দোষাৰোপ কৰিছে। এনে অৱস্থাত জুবিন গাৰ্গৰ অনুৰাগীয়ে অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল।