অসমত পুনৰ ‘কা’ৰ অধীনত মহিলাসহ দুই ব্যক্তিক নাগৰিকত্ব, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ১৪ ডিচেম্বৰ, দেওবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অসমত পুনৰ ‘কা’ৰ অধীনত মহিলাসহ দুই ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰ লগতে মাত্ৰ ২ মিনিট পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অসমত পুনৰ ‘কা’ৰ অধীনত মহিলাসহ দুই ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে দিল্লীত গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-4 কাৰ্যকৰী কৰা হৈছে। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ ৯ টা শীৰ্ষ খবৰ
- ‘কা’ৰ অধীনত এগৰাকী মহিলাকে ধৰি দুগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে এই আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা লোকৰ সংখ্যা অসমত চাৰিজনলৈ বৃদ্ধি পাইছে। অসমত প্ৰথমবাৰৰ বাবে এই আইনৰ অধীনত এগৰাকী মহিলাক প্ৰদান কৰা হৈছে নাগৰিকত্ব। ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা ৪০ বছৰীয়া মহিলাগৰাকীয়ে শ্ৰীভূমিত বাস কৰিছিল। ১৯৭৫ চনত ভাৰতলৈ অহা ৬১ বছৰীয়া যুৱকজনে কাছাৰত বাস কৰিছিল।
- ২০২৬ বৰ্ষৰ ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০২৬’ সন্দৰ্ভত সংবাদমেল সম্বোধন বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীৰ। পাণবজাৰৰ নেহৰু পাৰ্কত আয়োজন কৰা সংবাদমেলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ- ২০২৬’ৰ বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে সাহিত্যিকগৰাকীয়ে। লগতে ৰাজ্যৰ উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি গঠন’ৰ কথা ঘোষণা ড° ৰীতা চৌধুৰীৰ।
- দেশৰ ৰাজধানীত এতিয়া বিষাক্ত বায়ু। প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে দিল্লীত গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-4 কাৰ্যকৰী কৰা হৈছে। দিল্লী চৰকাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীলৈকে পাঠদান হাইব্ৰিড মোডত কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে। আনহাতে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে নিৰ্মাণৰ কাম।
- মা কামাখ্যা মন্দিৰত বলিউডৰ বিখ্যাত কণ্ঠশিল্পী চনু নিগম। শনিবাৰে অসমত উপস্থিত হৈছিল বলিউডৰ শিল্পীগৰাকী। দেওবাৰে সন্ধিয়া গুৱাহাটীত এক বিশেষ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে। তেওঁ কয়,অসমে শিল্পী সমাজক যিমান সন্মান দিয়ে, সেই সন্মান ভাৰতবৰ্ষৰ কতোৱেই হ’ব নোৱাৰে। অসমৰ সৌন্দৰ্য্য আৰু সাংস্কৃতিৰ কথা উল্লেখ কৰে বলিউডৰ বিখ্যাত কণ্ঠশিল্পীগৰাকীয়ে।
- ১ কোটি টকাৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলৰ জৰিয়তে এই কথা জানিবলৈ দিছে। অসমৰ কাৰ্বি আংলং জিলাত এক অভিযানত ৮৪ লাখ টকাৰ ১৪.১৪ কেজি আফিং জব্দ কৰাৰ লগতে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা অভিযানত ম্যানমাৰৰ পৰা চোৰাংভাৱে অনা ৩০ লাখ টকাৰ ৩.১৯ লাখ টা চিগাৰেট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
- ফুটবল আইকন লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবে পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, ৰাজ্যখনৰ গৃহমন্ত্ৰী আৰু কলকাতা আৰক্ষী আয়ুক্তক গ্ৰেপ্তাৰ কৰিব লাগিছিল। তেওঁ অনুষ্ঠানৰ আয়োজকজনক গ্ৰেপ্তাৰ কৰাৰ ন্যায্যতা প্ৰদান কৰা নাই। তেওঁ জোৰ দি কয় যে, “প্ৰাথমিক দায়িত্ব ৰাজ্যৰ গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ।”
- মহানগৰীৰ লাচিত ঘাটত কৃষক সংগঠন চি আই টি ইউ, এ আই কে এছ, এ কে এছ ইউৰ বিশাল গণ সমাৱেশ। শ্ৰমিক সকলৰ জলন্ত সমস্যা সমাধানৰ দাবীত লাচিত ঘাটত অনুষ্ঠিত হয় এই সমাৱেশ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীও উত্থাপন কৰে কৃষক সংগঠন কেইটাৰ কেতৃত্বই। সমাৱেশত শতাধিক কৃষক-শ্ৰমিক অংশগ্ৰহণ কৰে।
- ১৯ অনুৰ্ধ এছিয়া কাপৰ পঞ্চমখন খেলত ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ২৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে পাকিস্তানী দলটোৱে ২৪০ ৰান অতিক্ৰম কৰাত ব্যৰ্থ হয়। ভাৰতৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ডুবাই খেলপথাৰত মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয়।
- আজি ধৰমশালাত অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টি২০ শৃংখলাৰ তৃতীয়খন মেচ। এই শংখলাৰ প্ৰথম দুখনত ১-১ পইণ্টত সমতাত থকা এই দুয়োটা দলৰ বাবে তৃতীয়খন টি-২০ মেচ গুৰুত্বপূৰ্ণ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হয় এই মেচ।