কলকাতা কাণ্ডৰ পৰা ধিঙৰ উচ্ছেদ প্ৰস্তুতিলৈ… দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভ এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ওপৰত আস্থা প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
আজি কলকাতাৰ ছল্টলেকত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি। এক অনুষ্ঠানত অংশ ল’বলৈ যুৱভাৰতী ক্ৰীড়াংগনত উপস্থিত হৈছিল ফুট বলৰ কিংবদন্তি লিয়নেল মেছি। হাজাৰ হাজাৰ লোকে টিকট কাটিও মেছিক চাবলৈ নোপোৱাত ষ্টেডিয়াম লণ্ডভণ্ড কৰে।
পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত তেজপুৰত এইবাৰ গ্ৰেপ্তাৰ হৈছে ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী। আৰক্ষীৰ সূত্ৰ অনুসৰি দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে যোগাযোগত আছিল কুলেন্দ্ৰ শৰ্মা নামৰ লোকজন।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভ এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ওপৰত আস্থা প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ সমাধিত বন্তি জ্বলাই দোষীৰ উপযুক্ত শাস্তি বিচাৰিলে শিল্পীগৰাকীৰ পত্নীয়ে। অসম আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি জনালে গৰিমা গাৰ্গে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
