গণৰাজ্য দিৱসৰ দিনটোত ক’ত কি ঘটিল ? পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ২৬ জানুৱাৰী, ৭৭ সংখ্যক গণৰাজ্য দিৱস। বহু গুৰুত্বপূৰ্ণ খবৰে এই দিনটোৰ শিৰোনাম দখল কৰিছে। চাওঁ আহক গণৰাজ্য দিৱসৰ দিনটোত ক'ত কি ঘটিল ?
আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। বহু গুৰুত্বপূৰ্ণ খবৰে এই দিনটোৰ শিৰোনাম দখল কৰিছে। নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। গুৱাহাটীৰ লোকভৱনত আয়োজিত গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচীত তিৰংগা উৰুৱাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ইয়াৰ লগতে চাওঁ দিনটোৰ শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- সমগ্ৰ দেশজুৰি আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উছাহ। চৌদিশে সকলোৱে উদযাপন কৰিছে ভাৰতীয় গণতন্ত্ৰৰ এই মহানতম উৎসৱ। নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ পাছতে পৰিৱেশন কৰা হয় ৰাষ্ট্ৰীয় সংগীত। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
- আজি ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিটো প্ৰান্ততে শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয় গৌৰৱময় ৭৭ সংখ্যক গণৰাজ্য দিৱস। গুৱাহাটীৰ লোকভৱনত আয়োজিত গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ইফালে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত তিৰংগা উৰুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজলিল অসমৰ স্বকীয় চহকী ঐতিহ্য তথা সম্পদ ৷ নতুন দিল্লীত অনুষ্ঠিত দেশৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শন কৰা হয় ভৌগোলিক সূচাংক লাভ কৰা ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ প্ৰতীকপট ৷ পোৰামাটিৰ শিল্প,নদী সভ্যতাৰ ঐতিহ্য সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভাবনাৰে সমৃদ্ধ এই প্ৰতীকপট প্ৰদৰ্শনে সুখানুভূতি কঢ়িয়াই অনা বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ৷
- অসমৰ পৰা এতিয়ালৈকে ঘোষণা কৰা ১.৭ লাখ অবৈধ বিদেশীৰ ভিতৰত মাত্ৰ ৪৬৭ জনকহে নিজৰ দেশলৈ বিতাড়িত কৰা হৈছে। সোমবাৰে এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে কয়, বিগত বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত প্ৰায় ৪.৩৫ লাখ সন্দেহযুক্ত নাগৰিকৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে। ইয়াৰে ৩.৫ লাখতকৈ অধিক গোচৰ নিষ্পত্তি কৰা হৈছে, যাৰ ফলত নিৰ্দিষ্ট ভূখণ্ডৰ পৰা প্ৰায় ১.৭ লাখ লোকক অবৈধ বিদেশী বুলি ঘোষণা কৰা হৈছে।
- মানুহে কি বিচাৰে ‘ভোট বেংকৰ ৰাজনীতি’ নে উন্নয়ন? এই কথা চিন্তা কৰি সিদ্ধান্ত লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মানুহে ‘ভোট বেংকৰ ৰাজনীতি’ বিচাৰে নে উন্নয়ন যাত্ৰাক আগুৱাই নিয়াতো বিচাৰে, সেই কথা চিন্তা কৰি সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। তেওঁ লগতে কয়, পূৰ্বে ৰাজ্যখনত গণৰাজ্য আৰু স্বাধীনতা দিৱসত হিংসা আৰু বিদ্ৰোহৰ সৃষ্টি হৈছিল। এতিয়া অসম দ্ৰুতগতিত উন্নয়ন হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম।
- গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ বিশিষ্ট সেৱা পদক। এই ঘোষণা ৰাষ্ট্ৰপতি ভৱনৰ। দেশৰ সামৰিক বাহিনী, গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু কমাণ্ডৰ নেতৃত্ব দিয়াৰ বাবে কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ এই বিশেষ সন্মান। গেলেণ্ট্ৰি আৰু ডিষ্টিংচড চাৰ্ভিচ এৱাৰ্ডৰ তালিকা প্ৰকাশ কেন্দ্ৰৰ। এইবাৰ মুঠ ৮৫টা বিশিষ্ট সেৱাৰ পদক ঘোষণা কৰা হৈছে। এই পদকসমূহ সামৰিক বাহিনীত বিষয়াসকলৰ অৱদানক স্বীকৃতি প্ৰদানৰ অৰ্থে দিয়া হয়।
- আলুৰ বস্তাৰ তলত লুকুৱাই নিষিদ্ধ কফ ছিৰাপ সৰবৰাহৰ চেষ্টা। বিএছএফৰ সহযোগত শ্ৰীভূমিৰ পাথাৰকান্দিৰ চেৰাগীত জব্দ তিনি কোটি টাকাৰ নিষিদ্ধ কফ ছিৰাপ। লগতে আটক দুই সৰবৰাহকাৰীক। ১৫০ টা কাৰ্টুনৰ ভিতৰত থকা ৩০,০০০ বটল নিষিদ্ধ কফ ছিৰাপ জব্দ কৰে শ্ৰীভূমিৰ আৰক্ষীয়ে।
- বিৰোধীৰ ভোট চুৰি অভিযোগক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া। তেওঁ কয়, আজিৰ দিনত কোনেও ভোট চুৰি কৰিব নোৱাৰে। দেশ স্বাধীনৰ পাছত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছেই। কাৰোবাৰ নাম যদি কিবা কাৰণত কৰ্তন হৈছে, তেনেহ’লে অভিযোগ দি পুনৰ নাম অন্তৰ্ভুক্তিৰ সুবিধা নিৰ্বাচন আয়োগে দিছে। ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰাটো অপৰাধ নহয় বুলি মন্তব্য দিলীপ শইকীয়াৰ।
- অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে গৌৰৱময় ভাৰতৰ পতাকা উন্মোচন কৰে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। অসম বিধানসভাৰ বিৰোধী দলপতিগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ দলীয় নেতা-কৰ্মী।