Padma Shri 2026: অসমৰ ৫ গৰাকীলৈ পদ্মশ্ৰী সন্মান, চাওক তালিকা…
Padma Award 2026: গণৰাজ্য দিৱসৰ পূৰ্বে আজি ঘোষণা হ'ল পদ্ম বঁটা ২০২৬। বিভিন্ন প্ৰান্তত আগবঢ়োৱা অৱদানৰ বাবে ১৩১ গৰাকীক পদ্ম বঁটা আগবঢ়োৱা হয়। অসমৰ ৫গৰাকৈ ব্যক্তিয়ে লাভ কৰিলে পদ্মশ্ৰী।
অসমৰ বাবে ভাল খবৰ। অসমৰ ৫গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে লাভ কৰিলে পদ্মশ্ৰী সন্মান (Padma Shri Award)। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰ চৰকাৰে প্ৰকাশ কৰিলে পদ্ম বঁটাপ্ৰাপকৰ (Padma Award 2026) তালিকা। দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩১ গৰাকী ব্যক্তিলৈ এইবাৰ পদ্ম বঁটা আগবঢ়োৱা হৈছে। ইয়াৰে ৫ গৰাকীলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰা হয়। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই লোকসকলে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা লাভ কৰে।
অসমৰ পৰা ৫ গৰাকী লোকক পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটা প্ৰাপকসকল ক্ৰমে- হৰিচৰণ শইকীয়া (শিল্পী), যোগেশ দেউৰী (কৃষি), কবীন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰভাৱে) (জনসংযোগ), নুৰুদ্দিন আহমেদ (শিল্পী) আৰু পখিলা লেকথেপি (শিল্পী)লৈ পদ্মশ্ৰী আগবঢ়োৱা হৈছে।
হৰিচৰণ শইকীয়াঃ শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এইগৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত শইকীয়াৰ অৱদান অতুলনীয়।
নুৰুদ্দিন আহমেদঃ নুৰুদ্দিন আহমেদে প্ৰায় ৫০ বছৰ ধৰি শিল্প-ভাস্কৰ্য সাধনা কৰি আহিছে। বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্পৰ সৈতেও জড়িত হৈ আছিল তেওঁ। শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আহমেদলৈ এই বঁটা প্ৰদান কৰা হৈছে।
পখিলা লেকথেপি: কাৰ্বি পাহৰৰ সুকণ্ঠী গায়িকা পখিলা লেকথেপিলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। এইগৰাকী লোকশিল্পীয়ে অসমলৈ বহু অৱদান আগবঢ়াই গৈছে। কাৰ্বিপাহাৰৰ নাইটিংগেল খ্যাত এইগৰাকী মহিলাই এতিয়া লাভ কৰিছে পদ্ম সন্মান।
যোগেশ ৰাজবংশীঃ এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ ৰাজবংশী। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ড° যোগেশ দেউৰীয়ে উন্নতমানৰ পাট সূতা উৎপাদনৰ লগতে বিশেষকৈ অসম চৰকাৰৰ সোণালী সূতা আৰু সোণালী ধাৰা প্ৰকল্পৰ অধীনত অগ্ৰণী ভূমিকা লৈছিল। ৰেচন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হয়।
কবিন্দ্ৰ পুৰকায়স্থঃ বিজেপিৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ আছিল কবিন্দ্ৰ পুৰকায়স্থ। বিজেপি দলৰ অন্যতম ভেঁটি গঢ়োতা আছিল তেওঁ। অসম বিজেপৰ ভেঁটি শক্তিশালী কৰাত তেওঁৰ অৱদান আছিল অতুলনীয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও পুৰকায়স্থই বহু অৱদান আগবঢ়াই গৈছে। জনতাৰ বাবেও অৱদান অতুলনীয়। সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এইগৰাকী ৰাজনীতিবিদক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে।
অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা…