শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গণৰাজ্য দিৱস 2026

গণৰাজ্য দিৱস 2026

সমগ্ৰ দেশত ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল।ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। সেয়ে প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

উল্লেখ্য যে, ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত ভাৰতৰ ওচৰত নিজৰ কোনো সংবিধান নাছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান গৃহীত হয়।

Read More

Republic Day Parade 2026: গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপট ঘোষণা, আছে অসমৰো নাম…

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শাখাত শ্ৰেষ্ঠ প্ৰতীকপটৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। তেওঁলোকে গণেশ উৎসৱক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মহিলাসকলে প্ৰতীকপটৰ দুয়োকাষে লোকনৃত্য প্ৰদৰ্শন কৰিছিল।

গণৰাজ্য দিৱসত ভাৰতলৈ কি বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকা আৰু চীনে? ট্ৰাম্প,জিনপিঙে ক’লে বিশেষ কথা…

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই সময়চোৱাত বিশ্বৰ বিভিন্ন দেশে ভাৰতক শুভেচ্ছা প্ৰেৰণ কৰিছে। এই শুভ ক্ষণত আমেৰিকা আৰু চীনেও ভাৰতলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।

ৰাজ্যজুৰি গণৰাজ্য দিৱস উদযাপন, ডিব্ৰুগড়ত পতাকা উন্মোচন কৰি কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ…

ডিব্ৰুগড়ৰ খনিকৰ পেৰেড খেলপথাৰত ৭৭ সংখ্যক গণৰাজ্য দিৱস পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে । সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ৰাজ্যৰ পাঁচগৰাকীকৈ সন্তানক পদ্ম বঁটাৰে সন্মানিত কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়।

Republic Day 2026: এসময়ত ২৬ জানুৱাৰী পালন কৰা হৈছিল স্বাধীনতা দিৱস ৰূপে, এতিয়া গণৰাজ্য দিৱস কিয়! জানেনে আপুনি?

স্বাধীনতাৰ তাৰিখটো ব্ৰিটিছে নিৰ্ধাৰণ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্ট, কিন্তু গণতন্ত্ৰ দিৱসৰ বাবে ২৬ জানুৱাৰী তাৰিখটো কিয় বাছনি কৰা হ’ল? দৰাচলতে স্বাধীনতা সংগ্ৰামত এই তাৰিখটোৰ এক বিশেষ গুৰুত্ব আছে। জানো আহক এই বিষয়ে।

Republic Day 2026: কৰ্তব্য পথত আজি বিশ্বই দেখিব ভাৰতৰ শৌৰ্য-বীৰ্য, এইবাৰ অনন্য হৈ পৰিছে এনে বিশেষ পদক্ষেপ…

ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এইবাৰৰ গণৰাজ্য দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ। অনন্য ৰূপত সজাই তোলা হৈছে কৰ্তব্য পথ আৰু আজি ইয়াতেই সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সংগম দেখিবলৈ পাব।

Republic Day 2026: ভাৰতৰ গৌৰৱৰ প্ৰতীক…দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱসত দেশবাসীক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠান ভাৰতৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক।

Republic Day 2026: অধিকাৰ, নিৰাপত্তা, সন্মান… সংবিধান নাগৰিকৰ আটাইতকৈ ডাঙৰ শক্তি কিয়? ১০টা পইণ্টত সকলো জানক…

India Constitution: ভাৰতীয় সংবিধানে আমাৰ অধিকাৰ, মৰ্যাদা, সপোন ৰক্ষা কৰে। যি প্ৰতিজন নাগৰিকৰ শক্তি আৰু নিৰাপত্তাৰ প্ৰতীক। সংবিধান কেৱল এখন দস্তাবেজ নহয়, বৰঞ্চ মৌলিক অধিকাৰৰ (সমতা আৰু স্বাধীনতা) প্ৰতীক আৰু সকলোৰে বাবে আইনৰ সন্মুখত সমতা নিশ্চিত কৰে।

Republic Day 2026: আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস, জানক এই দিনটোৰ মহত্ব…

Republic Day 2026 History: ভাৰতত প্ৰতি বছৰে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰা হয়। এই দিনটোত ১৯৫০ চনত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ প্ৰতীক। ড° বি.আৰ. আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি। ভাৰতৰ নিজা সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ল। কিন্তু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে এই তাৰিখ কিয় বাছি লোৱা হ’ল জানেনে? জানো আহক।

Republic Day 206: গণৰাজ্য দিৱসৰ পূৰ্বে দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰঃ কি কি ক’লে…

কাইলৈ সমগ্ৰ দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। ইয়াৰ পূৰ্বে আজি দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। এই সময়চোৱাত তেওঁ গণতান্ত্ৰিক যাত্ৰা, সাংবিধানিক আদৰ্শ আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

Republic Day 2026: কৰ্তব্য পথত এইবাৰ দেশবাসীৰ নমন সীমান্তৰ অজান প্ৰহৰীক, দেশমাতৃৰ চৰণত উৎসৰ্গিত যাৰ নীৰৱ আনুগত্য…

কৰ্তব্য পথ'ত পোনপ্ৰথমবাৰৰ বাবে এই 'নীৰৱ যোদ্ধা'সকলক বিশেষ মৰ্যাদাৰে দেশৰ সন্মুখত উপস্থাপন কৰা হ’ব। স্বাভাৱিকতেই গণৰাজ্য দিৱসৰ বিশেষ ক্ষণত দেশৰ এই নীৰৱ যোদ্ধাৰ বিষয়ে জনাটো প্ৰতিজন নাগৰিকৰ বাবেও হ’ব গুৰুত্বপূৰ্ণ

Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা…

Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্মবঁটা ২০২৬। প্ৰতিবাৰৰ দৰে এইবাৰো সমাজৰ কেইবাগৰাকী ব্যক্তিক দেশৰ এই অসামৰিক সন্মান আগবঢ়াইছে। এই লোকসকলে নীৰৱে সমাজৰ হৈ কৰি গৈছে বহু কাম।

Republic Day 2026 Wishes: এইদৰে সকলোলৈ প্ৰেৰণ কৰক গণৰাজ্য দিৱসৰ শুভকামনা…

Republic Day Wishes in Assamese: যদি আপুনি আপোনাৰ ওচৰৰ কাৰোবাক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰিব বিচাৰে, তেন্তে আমি আপোনাক সহায় কৰিম। গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা , গণৰাজ্য দিৱসৰ শুভেচ্ছা, অনুপ্ৰেৰণামূলক উক্তি, বিশেষ বাৰ্তা, দেশপ্ৰেমমূলক শ্ল'গান, হোৱাটছএপ ষ্টেটাছ তলত দিয়া হৈছে। আপুনি এই উক্তিবোৰৰ জৰিয়তে আপোনাৰ আত্মীয়, বন্ধুবৰ্গ আৰু ঘনিষ্ঠসকললৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাৰ্তাপ্ৰেৰণ কৰিব পাৰে।

Republic Day 2026: ভাৰতৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি আছিল দুই পাকিস্তানী, জানেনে এই কথা?

ভাৰতে প্ৰতি বছৰে এই জাতীয় গৌৰৱৰ দিনটো অতিশয় বীৰত্বৰে পালন কৰে। ভাৰতে নিজৰ সামৰিক শক্তি, প্ৰতিৰক্ষা সামৰ্থ্য, সাংস্কৃতিক ঐতিহ্য আৰু ধৰ্মনিৰপেক্ষতাৰ আভাস বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ দিন। ১৯৫০ চনৰ পৰা ভাৰতে নতুন দিল্লীত গণৰাজ্য দিৱস উদযাপনৰ বাবে আন এখন দেশৰ ৰাষ্ট্ৰপতি বা চৰকাৰক ৰাজ্যিক অতিথি হিচাপে আতিথ্য প্ৰদান কৰি আহিছে।

Republic Day 2025 Wishes : ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে দিয়ক শুভেচ্ছা…

১৯৫০ চনৰ ২৬ জানুৱাৰীত যেতিয়া ভাৰতৰ সংবিধান কাৰ্যকৰী হ’ল, তেতিয়া এক নতুন যুগৰ সূচনা হ’ল। আজিও ৭৭ বছৰৰ পাছতো সেই সংবিধানে আমাক একেলগে বান্ধি ৰাখিছে। বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি ৰাজপথ পেৰেডলৈকে দেশৰ চুকে-কোণে উদ্যম আৰু আবেগ দেখিবলৈ পোৱা যায়।

Republic Day 2026 Speech: গণৰাজ্য দিৱসৰ বাবে চমু আৰু আকৰ্ষণীয় ভাষণ, জানক এই দিনটোৰ বিষয়ে…

Republic Day speech In assamese: বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়, আৰু অন্যান্য ঠাইত গণৰাজ্য দিৱসৰ অনুষ্ঠানসমূহে দেশৰ ইতিহাস আৰু শ্বহীদসকলৰ বলিদানক নিৰৱচ্ছিন্নভাৱে স্মৰণ কৰে। মঞ্চত মানুহে দেশপ্ৰেমমূলক ভাষণ প্ৰদান কৰে। যদি আপোনাৰ সন্তানে স্কুলত ভাষণ দিব লাগে তেন্তে ইয়াত আইডিয়া ল’ব পাৰে।