
গণৰাজ্য দিৱস 2025
সমগ্ৰ দেশত ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল।ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। সেয়ে প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।
উল্লেখ্য যে, ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত ভাৰতৰ ওচৰত নিজৰ কোনো সংবিধান নাছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান গৃহীত হয়।
Republic day: স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ ট্ৰালত উৰিল ৰাষ্ট্ৰীয় পতাকা
Republic day 2025: আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। এই বিশেষ দিনটোত কাশ্মীৰৰ পুলৱামাৰ ট্ৰালত প্ৰথমবাৰৰ বাবে উৰিল ৰাষ্ট্ৰীয় পতাকা। এই দিনটো যেন ট্ৰালৰ নতুন দিনৰ আৰম্ভণি।
- Barasha Sarma
- Updated on: Jan 26, 2025
- 22:43 pm
76th Republic Day Celebration : প্ৰতিবছৰৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ পাগুৰিয়ে দৃষ্টি আকৰ্ষণ কৰিলে দেশবাসীৰ, ইয়াৰ বিশেষত্ব জানেনে ?
৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ পাগুৰিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
- Manas Borah
- Updated on: Jan 26, 2025
- 16:48 pm
যুৱক-যুৱতীৰ পৰা চৰকাৰী কর্মচাৰীলৈ…. গণৰাজ্য দিৱসত ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে…
প্ৰথমতে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ঐতিহাসিক দিনটোত ডিব্ৰুগড়ত প্ৰথমবাৰলৈ পতাকা উৰুৱাই নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰা যাত্ৰাত এয়া প্ৰথম পদক্ষেপ।
- Trishna Kalita
- Updated on: Jan 26, 2025
- 16:19 pm
76th Republic Day : ‘শান্তি প্ৰতিষ্ঠাত অগ্ৰগতি লাভ কৰিছে অসমে’, ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দিয়া ভাষণত কি ক’লে ৰাজ্যপালে ?
৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দিয়া ভাষণত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে, বিগত এটা বছৰত শান্তি প্ৰতিষ্ঠা, আন্তঃগাঁথনি উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণৰ পদক্ষেপৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে ৰাজ্যখনে।
- Manas Borah
- Updated on: Jan 26, 2025
- 15:17 pm
গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ, কি ক’লে সংগঠনটোয়ে…
Guwahati blast: আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। কিন্তু ইয়াৰ মাজতে গুৱাহাটীৰ কেইবা স্থানত শুনিবলৈ পোৱা যায় বিস্ফোৰণৰ শব্দ। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা)য়ে।
- Barasha Sarma
- Updated on: Jan 26, 2025
- 12:53 pm
Republic Day Quotes: ভাৰতৰ বীৰ পুত্ৰসকলক অভিবাদন….গণৰাজ্য দিৱসত সকলোলৈ প্ৰেৰণ কৰক বিশেষ শুভেচ্ছা বাৰ্তা
Republic Day 2025: প্ৰতি বছৰে ২৬ জানুৱাৰীত সমগ্ৰ দেশতে গণৰাজ্য দিৱস পালন কৰা হয়। আজি এই শুভ ক্ষণত আপুনি আপোনাৰ পৰিচিত ব্যক্তসকলক কিছুমান উক্তিৰ জৰিয়তে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাব পাৰে। যি তেওঁলোকক দেশপ্ৰেমৰ অনুভূতিৰে ভৰাই তুলিব।
- Trishna Kalita
- Updated on: Jan 26, 2025
- 14:43 pm
গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটী মহানগৰীত বিস্ফোৰণ! বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ
গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত শুনা গৈছে বিস্ফোৰণৰ শব্দ । মহানগৰীৰ দুটা স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। ISBTৰ সমীপত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিস্ফোৰণৰ উৎসৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।
- Trishna Kalita
- Updated on: Jan 26, 2025
- 11:01 am
Republic Day Quotes: ড০ ভীমৰাও আম্বেদকাৰৰ পৰা মহাত্মা গান্ধীলৈকে… গণৰাজ্য দিৱসত প্ৰচাৰ কৰক মহান লোকৰ প্ৰেৰণাদায়ক উক্তি
Republic Day 2025: ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ পৰা গণৰাজ্য হোৱালৈকে, বহুতো মহান লোকৰ সংগ্ৰাম, অৱদান আৰু ত্যাগ অন্তৰ্ভুক্ত হৈ আছে। আমি ২৬ জানুৱাৰীক সংবিধানৰ উৎসৱ হিচাপে আমাৰ বীৰ শ্বহীদসকলক অভিবাদন জনাইছোঁ, যিয়ে আমাক স্বাধীনতাৰ সুখ দিছিল। এই বিশেষ দিনটোত মহান ব্যক্তিসকলৰ কিছুমান প্ৰেৰণাদায়ক উক্তি পঢ়াৰ লগতে প্ৰচাৰ কৰো আহক।
- Trishna Kalita
- Updated on: Jan 26, 2025
- 10:06 am
76th Republic Day Celebrations: আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাজ্য়বাসীয়ে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস…
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে আজি দেশৰ লগতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে গণৰাজ্য দিৱস । এইলৈ ৰাজ্যত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে । শান্তিপূৰ্ণভাৱে যাতে ৰাজ্যবাসীয়ে গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে সেয়া নিশ্চিত কৰিবৰ বাবে নিৰাপত্তা কটকটীয়া কৰিছে ৰাজ্য আৰক্ষীয়ে ।
- Manas Borah
- Updated on: Jan 26, 2025
- 09:54 am
Republic Day Wishes: এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা…
Happy Republic Day 2025 : ২৬ জানুৱাৰীৰ দিনটো ভাৰতৰ বাবে অতি বিশেষ। আজিৰ দিনটোতে কাৰ্যকৰী হৈছিল ভাৰতৰ সংবিধান। সেয়েহে এই দিনটো প্ৰতি বছৰে অতি উৎসাহেৰে উদযাপন কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে আপুনি এই উক্তিবোৰৰ জৰিয়তে আপোনাৰ ঘনিষ্ঠসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
- Trishna Kalita
- Updated on: Jan 26, 2025
- 09:31 am
দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত গণৰাজ্য দিৱসৰ উপলক্ষে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তুলিছে দিল্লী আৰক্ষীয়ে । দিল্লী আৰক্ষীৰ উপৰিও তীক্ষ্ণ নজৰ ৰাখিছে অৰ্ধসামৰিক বাহিনীয়ে । জানিব পৰা মতে, সমগ্ৰ দিল্লীত মোতায়েন কৰা হৈছে ৭০ হাজাৰ জোৱান।
- Manas Borah
- Updated on: Jan 26, 2025
- 08:46 am
76th Republic Day: আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস, ২৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে দেশৰ ৰাষ্ট্ৰপতিয়ে কিয় ৰাষ্ট্ৰীয় পতাকা উৰুৱাই ?
দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । উল্লেখ্য যে, স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টৰ অনুষ্ঠানতকৈ এই অনুষ্ঠানটো পৃথক । ইয়াৰ মূল পাৰ্থক্য কি জানেনে ? ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু আজিৰ দিনটোত ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই ।
- Manas Borah
- Updated on: Jan 26, 2025
- 10:40 am
২টা কীৰ্তি চক্ৰ, ১৪টা শৌৰ্য্য চক্ৰ বঁটাকে ধৰি ৯৩টা বীৰত্ব বঁটাত অনুমোদন ৰাষ্ট্ৰপতিৰ
গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত ৯৩টা সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানক বীৰত্ব বঁটা প্ৰদানত অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৯৩টা বীৰত্ব বঁটাৰ ভিতৰত আছে ২টা কীৰ্তি চক্ৰ (এটা মৰণোত্তৰ) আৰু ১৪টা শৌৰ্য্য চক্ৰ (মৰণোত্তৰ তিনিটা)।
- Manas Borah
- Updated on: Jan 25, 2025
- 21:57 pm
Republic Day 2025 Speech: ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ্য দিৱসৰ ভাষণ আৰু ৰচনাত কি কি কথা গুৰুত্ব দিব লাগে ?
এই প্ৰতিবেদনৰ জৰিয়তে সহজে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এটা বক্তৃতা প্ৰস্তুত কৰিবলৈ বা এখন ৰচনা লিখিব পৰাকৈ কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিয়া বক্তৃতাত কি কি বিষয়বস্তৰ সামৰি লব পাৰে তাৰে আভাস এই প্ৰতিবেদনৰ জৰিয়তে লাভ কৰিব ।
- Manas Borah
- Updated on: Jan 25, 2025
- 20:42 pm
ন্যায় আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ
গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে । ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আমাৰ সংবিধান সভাৰ গঠনত প্ৰতিফলিত হয়। তেওঁ কয়, প্ৰয়াগৰাজ মহাকুম্ভ আমাৰ ঐতিহ্যৰ পৰিচয়।
- Trishna Kalita
- Updated on: Jan 25, 2025
- 20:14 pm