হৰম'নৰ পৰিবৰ্তন  হ'লে কি কি লক্ষণ দেখা দিয়ে?

26 Jan 2026

TV9 ASSAM

বয়স, মানসিক চাপ, জীৱনশৈলী, টোপনিৰ অভাৱ, খাদ্য, গৰ্ভাৱস্থা, থাইৰয়ডৰ সমস্যা থাকিলে সাধাৰণতে হৰম'নৰ পৰিবৰ্তন হ'ব পাৰে। যাৰ প্ৰভাৱ মানুহৰ ওপৰত পৰে।

হৰম'ন

বিশেষ ডায়েট নোলোৱাকৈ ওজন বৃদ্ধি বা হঠাতে ওজন হ্ৰাস পাব পাৰে। থাইৰয়ড বা ইনচুলিনৰ লগত জড়িত সমস্যাত এনে হয়। ই হৰম'নৰ ভাৰসাম্য বিঘ্নিত কৰে।

ওজন

বাৰে বাৰে মুড পৰিবৰ্তন, হঠাতে খং উঠা, মন বেয়া লগা আদি হৰম'নৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ'ব পাৰে। ই মানসিক স্বাস্থ্য আৰু দৈনন্দিন কাম কাজকো প্ৰভাৱিত কৰে।

মুড

হৰম'নৰ ভাৰসাম্যহীনতাৰ বাবে টোপনিত সমস্যা আহিব পাৰে। বাৰে বাৰে টোপনি ভঙা, বেছি টোপনি অহা, টোপনি নহা আদি সমস্যাই  দেখা দিব পাৰে। ই ভাগৰ আৰু দুৰ্বলো কৰে।

টোপনিৰ অভাৱ

হঠাতে মুখ শালমইনা, ছাল ৰঙা পৰা, চুলি সৰা আদি সমস্যাই দেখা দিব পাৰে। এই লক্ষণ বিশেষকৈ মহিলাসকলৰ মাজত বেছিকৈ দেখা যায়।

ছাল, চুলি

কোনো কাম নকৰাকৈ ভাগৰ অনুভৱ কৰা, দুৰ্বল ৰখা, এলাহ আদি হৰম'নৰ পৰিবৰ্তনৰ লক্ষণ হ'ব পাৰে। ইয়াৰ ফলত কামত মনোযোগ কমে আৰু আন সমস্যাও আহে।

ভাগৰ

হৰম'নৰ পৰিবৰ্তনৰ ফলত মহিলাসকলৰ মাহেকীয়াত সমস্যা আহিব পাৰে। কেতিয়াবা মাহেকীয়া পলমকৈ আৰু কেতিয়াবা সোনকালে হ'ব পাৰে।

মাহেকীয়া

পঢ়িবলৈ ক্লিক কৰক 

মিঠা আলু কাৰ বাবে বেয়া