Jobs: ডাকঘৰত খালী ২৮,৭৪০ টা পদ, ক’ত কেনেকৈ আবেদন কৰিব জানক…
Post Office Job: চৰকাৰী চাকৰি বিচাৰ থকাসকলৰ বাবে ভাল খবৰ। ডাকঘৰত ওলাইছে চাকৰি। ইয়াৰ অধীনত হাজাৰ হাজাৰ পদ পূৰণ কৰা হ'ব। অসমতো কেইবাটাও পদ পূৰণ কৰা হ'ব।
চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। শেহতীয়াকৈ ভাৰতীয় ডাক বিভাগ (Indian Post Office)য়ে গ্ৰামীন ডাক সেৱক (GDS)ৰ অধীনত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। ৩১ জানুৱাৰীত প্ৰকাশ পোৱা ইণ্ডিয়া পোষ্ট জিডিএছ অধিসূচনা অনুসৰি ৩১ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত মুঠ ২৮,৭৪০টা পদ পূৰণ হ’ব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।
আবেদনৰ তাৰিখ
- আবেদন প্ৰক্ৰিয়া আৰম্ভঃ ৩১ জানুৱাৰী,২০২৬
- আবেদনৰ শেষ তাৰিখঃ ১৪ ফেব্ৰুৱাৰী, ২০২৬
- মাচুল জমা কৰা শেষ দিনঃ ১৬ ফেব্ৰুৱাৰী, ২০২৬
- আবেদন শুদ্ধ কৰাঃ ১৮ ফেব্ৰুৱাৰী, ২০২৬
- মেৰিট লিষ্ট জাৰিঃ ২৮ ফেব্ৰুৱাৰী, ২০২৬
পদসমূহ
এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ভাৰতীয় ডাক বিভাগে গ্ৰামীণ ডাক সেৱক (GDS)ৰ অধীনত দুটাকৈ শ্ৰেণীৰ পদ পূৰ কৰিব। ইয়াৰ অধীনত GDS ভৰ্তি ব্ৰাঞ্চত পোষ্ট মাষ্টাৰ(BPM), এচিচটেন্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ (ABPM)অন্তৰ্ভুক্ত আছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২৮,৭৪০ টা পদ পূৰ কৰা হ’ব। ইয়াৰে অসমৰ বাবে পদ আছে ৬৩৯ টা।
যোগ্যতা
ভাৰতীয় ডাক বিভাগৰ গ্ৰামীণ ডাক সেৱক ভৰ্তিৰ বাবে দশম উত্তীৰ্ণ কৰিব পাৰে আবেদন। দশমত গণিত থকা আৱশ্যক হ’ব লাগিব। ইয়াৰোপৰি যি ৰাজ্যৰ বাবে আবেদন কৰে সেই ৰাজ্যৰ স্থানীয় ভাষা জানিব লাগিব। অনলাইনৰ দ্বাৰা কৰিব পাৰিব আবেদন।
নিৰ্বাচন প্ৰক্ৰিয়া আৰু দৰমহা
মেৰিট লিষ্টৰ আধাৰত প্ৰাৰ্থী নিৰ্বাচন কৰা হব। নিৰ্ধাৰিত নিয়ম অনুসৰি,গ্ৰামীন ডাক সেৱক নিযুক্তিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ দশম শ্ৰেণীৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।
দৰমহাৰ কথা ক’বলৈ হ’লে, BPM পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে ১২ ৰ পৰা ২৯ হাজাৰ টকা দৰমহা লাভ কৰিব। ইয়াৰোপৰি ABPM পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ১০ ৰ পৰা ২৪ হাজাৰ টকালৈ দৰমহা লাভ কৰিব। লগতে থাকিব অন্যান্য ভাট্টা। এই ক্ষেত্ৰত অধিক জানিবলৈ ভাৰতীয় ডাকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে চাকৰি, দৰমহা ৪০,০০০ ৰো অধিক! ক’ত, কেনেকৈ আবেদন কৰিব জানক…