শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্বেখ হাছিনা দলৰ প্ৰাৰ্থীৰ কাষত বি এন পি নেতা...

শ্বেখ হাছিনা দলৰ প্ৰাৰ্থীৰ কাষত বি এন পি নেতা…

Barasha Sarma
Barasha Sarma | Published: 26 Jan 2026 18:42 PM

Bangladesh: বাংলাদেশ নিৰ্বাচনক লৈ প্ৰস্তুতি চলাই গৈছে প্ৰতিটো দল-সংগঠনে। ইয়াৰ মাজতে বি এন পি নেতাই আৱামী লীগৰ নেতাসকলৰ সুৰক্ষাৰ কথা কয়। তেওঁ হাছিনা, নিৰ্বাচন, হিন্দু-মুছলমান আদি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

সমাগত বাংলাদেশ নিৰ্বাচন। অহা ১২ ফেব্ৰুৱাৰীত দেশখনত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰ পূৰ্বে প্ৰস্তুতি চলাই গৈছে প্ৰতিটো দল সংগঠনে। এইবাৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ দল আৱামী লীগে অংশগ্ৰহণ কৰিব নোৱাৰে। নিৰ্বাচনী আয়োগে দলটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু ইয়াৰ মাজতে আৱামী লীগৰ নেতা-কৰ্মীসকলৰ কাষত থিয় দিছে বি এন পি দল। দলটোৰ সচিব প্ৰধান মিৰ্জা ফখৰুল ইছলাম আলমগিৰে আৱামি লীগ নেতাসকলৰ সুৰক্ষাৰ কথা কয়।

তেওঁ কয় যে, যিসকলে ভুল কৰিছে সেইসকলে শাস্তি পাব। কিন্তু যিসকলে অন্যায় কৰা নাই সেইসকলে শাস্তি নাপায়। আনকি তেওঁ হিন্দু-মুছলমানৰ মাজত থকা মিলৰ ওপৰতো মত প্ৰকাশ কৰে। তেওঁ সকলোকে লৈ একেলগে বাংলাদেশৰ উন্নয়ন কৰিব লাগিব বুলি কয়।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…