কোনে খাব নালাগে কেঁচা জলকীয়া?

26 Jan 2026

TV9 ASSAM

ভাৰতীয় পাকঘৰত জলকীয়া অতি গুৰুত্বপূৰ্ণ। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰো উপকাৰ সাধন কৰে। জলকীয়া খালে শৰীৰে বহু উপকাৰ লাভ কৰে।

জলকীয়া

কিন্তু সকলোৰে বাবে জলকীয়া ভাল নহয়। কিছুমান মানুহে জলকীয়া খাব নালাগে। ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে কোনসকল লোকে  জলকীয়া খাব নালাগে।

বেয়া

যিসকল লোকৰ এচিডিটি, পেটত জ্বলা পোৰা আদিৰ সমস্যা আছে তেনে লোকে কেঁচা জলকীয়া খাব নালাগে। এনে অৱস্থাত এই সমস্যা বাঢ়িব পাৰে।

এচিডিটি

কিছুমান মানুহৰ পেটৰ আলচাৰ হোৱাৰ সমস্যা আছে। গতিকে যি মানুহৰ পেটৰ আলচাৰ হোৱাৰ সমস্যা আছে তেনে লোকে জলকীয়া খাব নালাগে।

পেটৰ আলচাৰ

পাইলছৰ সমস্যা থকা লোকে জলকীয়া খাব নালাগে। ই সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত জ্বলা পোৰা আৰু বিষ আদি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

পাইলছ

যিসকলৰ পাচনতন্ত্ৰ দুৰ্বল তেনে লোকে কেঁচা জলকীয়া খাব নালাগে। এনে লোকৰ জলকীয়া খালে সমস্যা বাঢ়িব পাৰে।

পাচনতন্ত্ৰ

কিছুমানৰ মুখৰ ঘাঁ হোৱাৰ সমস্যা হয়। গতিকে যি লোকৰ মুখৰ ঘাঁ হৈ থাকে তেনে লোকে কেঁচা জলকীয়া খাব নালাগে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

মুখৰ ঘাঁ

পঢ়িবলৈ ক্লিক কৰক 

হৰম'ন পৰিবৰ্তনৰ লক্ষণ