শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
লিভ-ইন সম্পৰ্কত সন্তান জন্ম হ'লে কি হ’ব?

লিভ-ইন সম্পৰ্কত সন্তান জন্ম হ’লে কি হ’ব?

Barasha Misra
Barasha Misra | Published: 25 Jan 2026 21:42 PM

যুৱতীগৰাকীয়ে অভিযোগ কৰে যে কন্যা সন্তান জন্ম দিয়াৰ পিছতে তেওঁক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পিছত ২০২২ চনত আন এগৰাকী নাৰীক বিয়া পাতিছিল। ইয়াৰ পিছতে ধৰ্ষণকে ধৰি একাধিক ধাৰাত ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । নিম্ন আদালতে তেওঁক যুৱতীগৰাকী আৰু তেওঁৰ কন্যাৰ ভৰণ-পোষণৰ খৰচ দিবলৈ নিৰ্দেশ দিয়ে। সেই আদেশ খাৰিচ কৰিবলৈ বোম্বে হাইকোৰ্টৰ কাষ চাপিছিল ব্যক্তিজন।

কিছুদিন পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লিভ-ইন ৰিলেচনৰ ওপৰত এক ডাঙৰ পৰ্যবেক্ষণ কৰিছিল। ইয়াত লিভ-ইন ৰিলেচনৰ সৈতে জড়িত মহিলাসকলৰ আইনী অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱা হৈছিল। সেয়েহে ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে লিভ-ইন সম্পৰ্কক গন্ধৰ্ব বিবাহৰ দৰে স্বীকৃতি দিব লাগে। এইবাৰ সহবাসৰ ক্ষেত্ৰত বম্বে হাইকোৰ্টে ডাঙৰ স্থিতি গ্ৰহণ কৰিছে। কোৰ্টে কয় যে যদি সহবাসৰ ফলত সন্তান জন্ম হয়, তেন্তে সেই সহবাসক বিবাহৰ দৰে বন্ধন বুলি মানা উচিত।

ঘৰুৱা হিংসা আইনৰ অধীনত মহিলাৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰা গোচৰৰ প্ৰেক্ষাপটত বম্বে হাই কোৰ্টে এই কথা কয়। এজন ব্যক্তিৰ আবেদন খাৰিজ কৰিলে ন্যায়াধীশে। এগৰাকী যুৱতীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল লোকজনে। যুৱতীগৰাকীয়ে কয় যে এবাৰ যৌন সম্পৰ্কৰ বাবেই গৰ্ভৱতী হৈছিল। তাৰ পিছত ব্যক্তিজনৰ হেঁচাত গৰ্ভপাত কৰিলে। তেওঁ পুনৰ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ ধৰিলে। ফলত যুৱতীগৰাকী পুনৰ গৰ্ভৱতী হয়। এইবাৰ কন্যা সন্তান জন্ম দিলে।

যুৱতীগৰাকীয়ে অভিযোগ কৰে যে কন্যা সন্তান জন্ম দিয়াৰ পিছতে তেওঁক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পিছত ২০২২ চনত আন এগৰাকী নাৰীক বিয়া পাতিছিল। ইয়াৰ পিছতে ধৰ্ষণকে ধৰি একাধিক ধাৰাত ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । নিম্ন আদালতে তেওঁক যুৱতীগৰাকী আৰু তেওঁৰ কন্যাৰ ভৰণ-পোষণৰ খৰচ দিবলৈ নিৰ্দেশ দিয়ে। সেই আদেশ খাৰিচ কৰিবলৈ বোম্বে হাইকোৰ্টৰ কাষ চাপিছিল ব্যক্তিজন।

তাৰ পিছত কি হ’ল চাওক এই ভিডিঅ’…