শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হ'ব বিচাৰে চিকিৎসক, যুৱকে নিজে কাটিলে নিজৰ ভৰি...

হ’ব বিচাৰে চিকিৎসক, যুৱকে নিজে কাটিলে নিজৰ ভৰি…

Trishna Kalita
Trishna Kalita | Published: 25 Jan 2026 23:30 PM

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এই ভয়াৱহ ঘটনাটো। ১৮ জানুৱাৰীত সুৰজ ভাস্কৰ নামৰ ২৪ বছৰীয়া এজন যুৱকে বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ তেওঁৰ বাওঁ ভৰিখন কাটি পেলায়।

মানুহে নিজৰ সপোন পূৰণৰ বাবে সকলো কাম কৰিব পাৰে। হয়তো এয়া তাৰে উৎকৃষ্ট উদাহৰণ । বহু পিতৃ-মাতৃৰ ইচ্ছা থাকে তেওঁলোকৰ পুত্ৰক ডাক্তৰ কৰা। বহুতৰে নিজৰ সপোন থাকে ডাক্তৰ হোৱাৰ । অৱশ্যে অকল সপোন দেখাটো যথেষ্ট নহয়, ইয়াৰ বাবে অৰ্হতাৰ প্ৰয়োজন। MBBS ডিগ্ৰী লোৱাটো ইমান সহজ নহয়। NEET নামেৰে পৰিচিত National Eligibility cum Entrance Test ত তিনিবাৰকৈ চেষ্টা কৰিও সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল এজন যুৱক। কিন্তু চিকিৎসক হ’বলৈ হ’লে এমবিবিএছত নামভৰ্তি কৰিব লাগিব। সেয়েহে যুৱকজনে ল’লে এটা ভয়ংকৰ পদক্ষেপ। তেওঁ নিজৰ ভৰিখন কাটি পেলালে!

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এই ভয়াৱহ ঘটনাটো। ১৮ জানুৱাৰীত সুৰজ ভাস্কৰ নামৰ ২৪ বছৰীয়া এজন যুৱকে বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ তেওঁৰ বাওঁ ভৰিখন কাটি পেলায়। ইতিমধ্যে যুৱকজনে ফাৰ্মাচীৰ ডিপ্লমা সম্পূৰ্ণ কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল দিব্যাংগ কোটাৰ অধীনত এমবিবিএছত নামভৰ্তি কৰা।