TV9 ASSAM
বৰ্তমান জীৱনশৈলীত ব্লাড চুগাৰৰ সমস্যা সাধাৰণ যেন হৈ পৰিছে। এই সমস্যা হ’লে ছালত কিছুমান লক্ষণ দেখা যায়। জানো আহক এইবিষয়ে।
যদি আপোনাৰ হাত, আঁঠু আৰু ভৰিৰ তলুৱা হঠাতে অত্যাধিক শুকান হৈ পৰিছে আৰু খজুৱতি হৈছে, তেন্তে ই ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।
শৰীৰৰ কোনো অংশত কটা-ছিঙা বা ঘাঁ হ’লে যদি সেয়া সহজে নুশুকায়, তেন্তে সাৱধান হওক। হাই চুগাৰৰ বাবে তেজ জমা হোৱাত পলম হয়।
চুগাৰৰ সমস্যা থাকিলে ছালত সঘনাই সংক্ৰমণ বা ব্ৰণৰ সমস্যাই দেখা দিয়ে। চিকিৎসকে ইয়াক ডায়েবেটিছৰ প্ৰাৰম্ভিক সংকেত বুলি গণ্য কৰে।
কিলাকুটি বা ডিঙিৰ ক’লা দাগ আঁতৰিব নোখোজা আৰু অলপ সময় বহি থাকিলে ভৰি ফুলি উঠাটো হাই ব্লাড চুগাৰৰ অন্যতম লক্ষণ।
এই লক্ষণবোৰ দেখা দিলে অৱহেলা নকৰিব। স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক আৰু অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লৈ চুগাৰ পৰীক্ষা কৰাওক।
পঢ়িবলৈ ক্লিক কৰক
নিশা এনে আহাৰ খালে ওজন নিয়ন্ত্রণত হ'ব বিফল