শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাতত দা লৈ পত্নীলৈ চোঁচা সুৰাসক্ত স্বামীৰ… ডিমৌ আৰক্ষী উপস্থিত হোৱাত ভয়ংকৰ ঘটনা

জানিব পৰা মতে শিৱসাগৰৰ ডিমৌৰ ডিৰৈ চাহ বাগিচাৰ লাইনত খৰাহাট বৰদিৰৈ গাঁৱত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। নিশা প্ৰায় ৮ মান বজাত স্বামা-স্ত্ৰীৰ মাজত হৈছিল ডাঙৰ কাজিয়া। ৰঞ্জিত পাণ্ডৱ নাম এজন লোকে হাতত দাখন লৈ পত্নীলৈ চোঁচা লয়।

হাতত দা লৈ পত্নীলৈ চোঁচা সুৰাসক্ত স্বামীৰ… ডিমৌ আৰক্ষী উপস্থিত হোৱাত ভয়ংকৰ ঘটনা
ডিমৌত আৰক্ষীৰ গুলীচালনা
Trishna Kalita
Trishna Kalita | Updated On: 07 Jan 2026 15:57 PM

এক চাঞ্চল্যকৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে শিৱসাগৰৰ ডিমৌত। স্বামী-স্ত্ৰীৰ মাজৰ সাধাৰণ কাজিয়াই ল’লে ভয়ংকৰ ৰূপ। তাৰ পিছতে চৌদিশে চিঞৰ বাখৰ আৰম্ভ হ’ল। পৰিণতি গুৰুতৰভাৱে আহত দুজন লোক। আৰক্ষীৰ গুলী নিহত স্বামী। মৃত ব্যক্তিজনৰ নাম ৰঞ্জিত পাণ্ডৱ।

জানিব পৰা মতে শিৱসাগৰৰ ডিমৌৰ ডিৰৈ চাহ বাগিচাৰ লাইনত খৰাহাট বৰদিৰৈ গাঁৱত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। নিশা প্ৰায় ৮ মান বজাত স্বামা-স্ত্ৰীৰ মাজত হৈছিল ডাঙৰ কাজিয়া। ৰঞ্জিত পাণ্ডৱ নাম এজন লোকে হাতত দা খন লৈ পত্নীলৈ চোঁচা লয়। লগতে অশ্লীল গালি-গালাজ পাৰিবলৈ ধৰে। দাৰে দুবাৰ মান পত্নীক ঘপিয়াবলৈ চেষ্টা কৰে ৰঞ্জিত । স্বামীৰ ভয়ংকৰ ৰূপ দেখি মহিলাগৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰে। মহিলাগৰাকীয়ে জীৱন ৰক্ষাৰ বাবে আহ্বান জনায়।

ইতিমধ্যে বাগিচাৰ মানুবোৰ তেতিয়া শুৱলৈ গৈছিল। তেনে সময়তে হুলস্থূল শুনি কাজিয়া ভাঙিবলৈ মতিন পাণ্ডৱ নামৰ এজন লোক ৰঞ্জিত পাণ্ডৱৰ ঘৰত উপস্থিত হ’ল। ভিতৰৰ পৰা ৰঞ্জিত পাণ্ডৱৰ পত্নীয়ে তেওঁৰ পৰা সহায় বিচাৰিলে। তাৰ পিছতে হাতত দা লৈ বাৰীৰ পৰা ওলাই আহিল লুকাই থকা ৰঞ্জিত পাণ্ডৱ। মতিন পাণ্ডৱকে আক্ৰমণৰ বাবে খেদি আহিল ৰঞ্জিতে। ৰঞ্জিতৰ দাৰ ঘাপত তেজেৰে লুটুৰি-পুতুৰি হৈ চোতালতে ঢলি পৰিল মতিন পাণ্ডৱ। পৰিল মতিন। ইমানতে শান্ত নাথাকি পত্নীকো দাৰে উপৰ্যুপৰি আক্ৰমণ কৰিলে ৰঞ্জিত পাণ্ডৱে।

সেই সময়তে গাঁওৰ আন লোকসকলে ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীৰ খবৰ দিয়ে। ঘটনাৰ খবৰ পাই উক্ত স্থানত উপস্থিত হয় ডিমৌ আৰক্ষীৰ এটা দল। তাৰ পিছত আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় তেওঁ। ফলত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীয়ে ৰঞ্জিতৰ আঘাত কৰে। আহত ৰঞ্জিত পাণ্ডৱক ডিমৌ চিকিৎসালয়লৈ অনাৰ পাছতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়।

কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৰঞ্জিত পাণ্ডৱৰ। ইফালে ৰঞ্জিত পাণ্ডৱৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত পত্নী গীতা পাণ্ডৱ আৰু চুবুৰীয়া মতিন পাণ্ডৱক হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। বৰ্তমান দুয়োগৰাকী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।এই সন্দৰ্ভত সমজিলা আৰক্ষী অধীক্ষক হীৰেন ডেকাৰ সংবাদমেল সম্বোধন কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে,  পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৩ জাঁই গুলী চলায় আৰক্ষীয়ে। আত্মৰক্ষাৰ বাবে ৰঞ্জিত পাণ্ডৱৰ ভৰিত গুলীয়াবলৈ বাধ্য হয় আৰক্ষীয়ে। ৰঞ্জিত পাণ্ডৱ সুৰাসক্ত অৱস্থাত থকা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।