যুৱতীৰ সৈতে জঘন্য কাণ্ড! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰফিকুল ইছলাম…
কোকৰাঝাৰত ফুটিল আৰক্ষীৰ গুলী। জানিব পৰা মতে, ৰফিকুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে ধৰ্ষণ অভিযোগ উত্থাপন হৈছিল। অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী চলায়।
ধৰ্ষণৰ অভিযুক্তলৈ কোকৰাঝাৰ আৰক্ষীৰ গুলী। জানিব পৰা মতে, ধৰ্ষণৰ অভিযুক্ত ৰফিকুল ইছলামে আৰক্ষীক আক্ৰমণ কৰি মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই গুলীয়ায়। আহত ৰফিকুলক প্ৰথমে ভৰ্তি কৰোৱা হয় কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত, পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় কোকৰাঝাৰ মেডিকেল কলেজলৈ। এই সময়চোৱাত আহত হয় দুগৰাকীকৈ আৰক্ষী জোৱান।
প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতে দেওবাৰে সন্ধিয়া আৰক্ষীয়ে ৰফিকুলক কোকৰাঝাৰলৈ আনি আছিল। অভিযোগ অনুসৰি, তেতিয়াই শৌচ কৰাৰ চলেৰে গাড়ীৰ পৰা নামি ৰফিকুলে আৰক্ষীক আক্ৰমণ কৰে। পাছত মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে। এনে পৰিস্থিতিত আৰক্ষীয়ে তেওঁক বাধা দিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। ইয়াৰ পাছতে বাওঁভৰিত গুলী লগা ৰফিকুলৰ ভৰ্তি কৰেৱা হয় হাস্পাতালত। আৰক্ষীয়ে আহত ৰফিকুল ইছলামক কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয় নিয়ে যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে চিকিৎসকে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, ১০ জানুৱাৰীৰ পুৱা কোকৰাঝাৰৰ পাথাৰঘাটত সংঘটিত হৈছিল এক ধৰ্ষণৰ ঘটনা। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ পথ নিৰ্মাণৰ কামত শ্ৰমিক হিচাপে নিয়োজিত ৰফিকুল ইছলামৰ বিৰুদ্ধে। এই কাণ্ডৰ কেইটামান ঘন্টা পাছতে আৰক্ষীয়ে অভিযুক্তক আটক কৰে যদিও জিলাখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। শ শ লোক ৰাজপথলৈ ওলাই আহি ধৰ্ষণকাৰীৰ শাস্তি দাবী কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত কৰি তোলে। তাৰ পাছতে আজি আৰক্ষীৰ গুলীত আহত হয় ৰফিকুল ইছলাম। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ আমছুৰ প্ৰাক্তন সভাপতিসহ কেইবাজনৰো কংগ্ৰেছত যোগদান, দললৈ আদৰণি গৌৰৱ গগৈৰ…