শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Reliance Jio: Stock Market ত ধুমুহা সৃষ্টিৰ বাবে সাজু Jio, আহিব পাৰে ২.৫ শতাংশ IPO অফাৰ !

Reliance Jio: Stock Market ত ধুমুহা সৃষ্টিৰ বাবে সাজু Jio, আহিব পাৰে ২.৫ শতাংশ IPO অফাৰ !

Manas Borah
Manas Borah | Published: 11 Jan 2026 22:40 PM

Jio ই তেওঁলোকৰ মুঠ অংশীদাৰিত্বৰ ২.৫ শতাংশ IPO হিচাপে মুকলি কৰিব বিচাৰিছে। এই ২.৫ শতাংশৰ বৰ্তমানৰ মূল্য ৪ বিলিয়ন ডলাৰতকৈও অধিক। কোৱা হৈছে, ই ভাৰতৰ আটাইতকৈ ডাঙৰ IPO হ’ব।

অৱশেষত বজাৰলৈ আহি আছে Jio ৰ IPO। Jio Platforms নামেৰে বজাৰলৈ আহি আছে মুকেশ আম্বানীৰ কোম্পানী। জনা যায় যে, Jio ই তেওঁলোকৰ মুঠ অংশীদাৰিত্বৰ ২.৫ শতাংশ IPO হিচাপে মুকলি কৰিব বিচাৰিছে। এই ২.৫ শতাংশৰ বৰ্তমানৰ মূল্য ৪ বিলিয়ন ডলাৰতকৈও অধিক। কোৱা হৈছে, ই ভাৰতৰ আটাইতকৈ ডাঙৰ IPO হ’ব।

জিঅ’ প্লেটফৰ্মৰ অধীনত আহিব এই আই পি অ’। আৰু ৰিলায়েন্স জিঅ’ নামৰ টেলিকম কোম্পানীটো এই কোম্পানীটোৰ অধীনত আহে। বৰ্তমান ৰিলায়েন্স জিঅ’ হৈছে দেশৰ অন্যতম বৃহৎ টেলিকমিউনিকেচন কোম্পানী আৰু ইয়াৰ ৫০ কোটিতকৈ অধিক গ্ৰাহক আছে।

ইনভেষ্টমেণ্ট বেংক জেফ্ৰিছে জিঅ’ৰ ভেলুৱেচন কৰিছিল প্ৰায় ১৮০ বিলিয়ন ডলাৰ। আৰু সেই মূল্যায়নত ২.৫ শতাংশ শ্বেয়াৰ বিক্ৰী হ’লেও আই পি অ’ৰ মূল্য হ’ব ৪.৫ বিলিয়ন ডলাৰ। আৰু যদি তেনেকুৱা হয় তেন্তে এই নতুন আই পি অ’ই হুণ্ডাই মটৰ্ছৰ ৩.৩ বিলিয়ন ডলাৰৰ আই পি অ’ক অতিক্ৰম কৰিব। বহু বিশেষজ্ঞ সংস্থাইও কৈছে যে, জিঅ’ৰ সম্ভাৱ্য ভেলুৱেচন ২০০ৰ পৰা ২৪০ বিলিয়ন ডলাৰৰ ভিতৰত হ’ব পাৰে।