বয়স ৩০ যদি ফেটি লিভাৰৰ পৰা বাচিবলৈ কৰক এনে কাম

11 Jan 2026

TV9 ASSAM

৩০ বছৰ বয়সৰ আশে-পাশে ব্যক্তিৰ মাজত ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। জীৱনশৈলীৰ কিছু পৰিৱৰ্তনে এইক্ষেত্ৰত সকাহ দিব পাৰে।

ফেটি লিভাৰ

প্ৰতিদিনে অন্ততঃ ২০-২৫ মিনিট শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰক। শাৰীৰিক ব্যায়ামে ওজন হ্ৰাস কৰাৰ লগতে লিভাৰৰ চৰ্বিও কমায়।

নিয়মীয়া ব্যায়াম

পেটৰ চাৰিওফালে জমা হোৱা চৰ্বিয়েই ফেটি লিভাৰৰ মুখ্য কাৰণ। গতিকে কঁকাল বা পেটৰ মেদ নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী।

পেটৰ চৰ্বি নিয়ন্ত্ৰণ

অত্যাধিক চেনি আৰু বগা আটা বা ময়দাৰ পৰা তৈয়াৰী খাদ্যই লিভাৰত চৰ্বি জমা হোৱাত সহায় কৰে। সেয়েহে এনে খাদ্য পৰিহাৰ কৰক।

চেনি-কাৰ্ব

অত্যাধিক সুৰাপানে লিভাৰৰ সমস্যা অধিক জটিল কৰি তোলে। বিপাকীয় ক্ৰিয়াৰ সমস্যা থকা লোকসকলৰ বাবে সামান্য সুৰাও ক্ষতিকাৰক হ’ব পাৰে।

সুৰাপান ত্যাগ

খাদ্য তালিকাত অধিক প্ৰটিন আৰু ফাইবাৰজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰক। ই শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে আৰু লিভাৰত চৰ্বি জমা হোৱাত বাধা দিয়ে।

প্ৰটিন-ফাইবাৰ

খাদ্যত বাদাম, বীজ আদিৰ দৰে স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত কৰক। এইবোৰে লিভাৰৰ এনজাইমবোৰ সঠিকভাৱে কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে।

স্বাস্থ্যকৰ চৰ্বি

পঢ়িবলৈ ক্লিক কৰক 

শীতত কিডনীৰ স্বাস্থ্যৰ বাবে প্রয়োজনীয় এনে খাদ্য