শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এলি আহমেদ অসুস্থৰ পৰা ইৰানৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ...

এলি আহমেদ অসুস্থৰ পৰা ইৰানৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ…

Barasha Sarma
Barasha Sarma | Published: 11 Jan 2026 22:33 PM

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। আজি হাস্পাতালত ভৰ্তি কৰাবলগীয়া হয় পদ্মশ্ৰী বঁটাপ্ৰাপক এলি আহমেদক। ঘৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰে।

আজি হাস্পাতালত ভৰ্তি কৰোৱা হয় বিশিষ্ট লেখিকা এলি আহমেদক। জানিব পৰা মতে, অকলশৰে বাস কৰে পদ্মশ্ৰী বঁটাপ্ৰাপকগৰাকীয়ে। যোৱা দুদিন ধৰি তেওঁ ঘৰৰ মজিয়াতে পৰি আছিল। যাৰ পাছত আজি তেওঁক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে।

আজি উত্তৰ গুৱাহাটীত নতুন ন্যায়িক আদালতৰ চৌহদৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখ্য যে, নতুন ন্যায়িক আদালতৰ বিৰুদ্ধে বহু উকীলে প্ৰতিবাদ কৰি আছে। কিন্তু তাৰ মাজতে আজি এই আধাৰশিলা স্থাপন কৰে ন্যায়াধীশ সূৰ্যকান্ত।

ইৰানত অব্যাহত আছে প্ৰতিবাদ। এতিয়ালৈকে ১১৬ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো আহত হৈছে। ইফালে ইৰানৰ শাসনে স্পষ্টকৈ কৈছে যে, প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

সবিশেষৰ বাবে চাওক ভিডিঅ’…