11 Jan 2026
TV9 ASSAM
এই পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা অনুষ্ঠিত কৰা হয়।
প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কোৱা হয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।
সৰস্বতী পূজাৰ দিনটোত বহুতো ৰীতি-নীতি পালন কৰা হয়। এই পূজাত সৰস্বতীদেৱীৰ অষ্টোত্তৰ শতনাম, সৰস্বতী স্তোত্ৰ আৰু পাঁচালী পাঠ কৰে।
বসন্ত পঞ্চমী হিন্দুসকলৰ এক উৎসৱ, য’ৰ পৰা বসন্ত উদযাপন প্ৰস্তুতিৰ আৰম্ভণি হয়। আঞ্চলিক বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বিভিন্ন ধৰণে উদযাপন কৰে। আজি সৰস্বতী স্তোত্ৰৰ বিষয়ে জানো আহক...
শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পোপশোভিতা। শ্বেতাম্বৰাধৰা নিত্যা শ্বেতগন্ধানুলেপনা।। শ্বেতাক্ষ সূত্ৰহস্তা চ শ্বেত চন্দন চৰ্চ্চিতা। শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালঙ্কাৰ ভূষিতা।।
বন্দিতা সিদ্ধগন্ধৱৈৰৰ্চ্চিতা সুৰদানবৈঃ। পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্তুয়তে সদা।।
স্তোত্ৰেণানেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম্। যে স্মৰন্তি ত্ৰিসন্ধ্যায়াং সৰ্ব্বধাং বিদ্যাং লভন্তি তে।।(ইতি পদ্মপুৰাণে সৰস্বতী স্তোত্ৰং সম্পূৰ্ণম)
পঢ়িবলৈ ক্লিক কৰক