নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই…
Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পত নোবেল বঁটা দিব বিচাৰে মাৰিয়াই। এইগৰাকী মহিলাই লাভ কৰিছিল ২০২৫ চনৰ নোবেল। কিন্তু তেওঁ এতিয়া এই বঁটা ট্ৰাম্পলৈ হস্তান্তৰ কৰিব বিচাৰে।
নোবল বঁটা বুলি কলেই এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথা চৰ্চালৈ আহে। কিয়নো ট্ৰাম্পে নিজকে নোবেল বঁটাৰ যোগ্য বুলি দাবী কৰিছিল। তেওঁ কৈছিল যে, ভাৰত-পাকিস্তানৰ লগতে তেওঁ ৮ খন যুদ্ধ বন্ধ কৰিছে। গতিকে তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য। পিছে ২০২৫ চনৰ নোবেল বঁটা লাভ কৰিছিল ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোয়ে। এতিয়া এইগৰাকী মহিলাই নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে।
শেহতীয়াকৈ ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাচ মাদুৰোক পণবন্দী কৰি লৈ গৈছিল। ইয়াৰ মাজতে মাৰিয়াই ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰি নোবেল বঁটা হস্তান্তৰ কৰাৰ আশা প্ৰকাশ কৰে। ইয়াক লৈ তেওঁ নোবেল বঁটা কমিটীলৈ আবেদনো প্ৰেৰণ কৰে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
