Top9 News: নতুন ন্যায়িক আদালত চৌহদৰ পৰা ইৰানৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ…
Top9 News: উত্তৰ গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া নতুন ন্যায়িক আদালত চৌহদৰ আজি আধাৰশিলা স্থাপন কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। এই সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১) সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে আজি দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। দলীয় গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণি বহু কেইগৰাকী ব্যক্তিক। অনুষ্ঠানত উপস্থিত থাকে APCCৰ সভাপতি গৌৰৱ গগৈ, AICCৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ লগতে কেইবাগৰাকী বিধায়ক, নেতা-কৰ্মী আদি। আজিৰ এই কাৰ্যসূচীত বিজেপি, আমছুৰ প্ৰাক্তন নেতাইও যোগদান কৰে।
২) দেওবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ ৪ ঘন্টীয়া প্ৰতিবাদ। নতুন উচ্চ ন্যায়ালয় কমপ্লেক্সৰ আধাৰশিলা স্থাপন অনুষ্ঠান বৰ্জন কৰিবলৈ এই প্ৰতিবাদ সাব্যস্ত কৰে উকীল সন্থাই। উল্লেখ্য যে,উত্তৰ গুৱাহাটীৰ ৰংমহলত ন্যায়িক টাউনশ্বিপৰ অংশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নতুন কমপ্লেক্সৰ প্ৰস্তাৱ দিয়া হৈছে। যাৰ বিৰোধিতা কৰি আহিছে উকীল সন্থাই। অৱশ্যে তাৰ পাছতো আজি ইয়াৰ আধাৰশিলা স্থাপন হয়।
৩) আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আধুনিক ন্যায়িক চহৰ হিচাপে কল্পনা কৰা এই নতুন কমপ্লেক্সটো ১৪৮ বিঘা (৪৮ একৰ) ভূমিত নিৰ্মাণ কৰা হ’ব। প্ৰথম পৰ্যায়ত ইয়াৰ বাবদ খৰচ হ’ব প্ৰায় ৪৭৯ কোটি টকা।
৪) পদ্মশ্ৰী বঁটাপ্ৰাপক এলি আহমেদ অসুস্থ। বৰ্তমান গুৱাহাটীৰ ৰহমান হাস্পাতালত ভৰ্তি কৰোৱা গৈছে লেখিকাগৰাকীক। জানিব পৰা মতে, চানমাৰিৰ অসম ৰাজ্যিক হাউচিং ক’লনীৰ ব্লক-২ৰ ইউনিট- ৬ নং ঘৰটোত অকলে বাস কৰে এলি আহমেদে। খবৰ অনুসৰি, যোৱা প্ৰায় দুদিন ধৰি মজিয়াত অসুস্থ হৈ পৰি আছিল বিশিষ্ট লেখিকাগৰাকী। তাৰ পাছতে আজি তেওঁক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে।
৫)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। তেওঁ কয় যে, শৰ্মাৰ মূৰত টিউবলাইট আছে। কেৱল পাকিস্তানৰ সংবিধানত লিখা আছে এটা বিশেষ সম্প্ৰদায়ৰ এজন ব্যক্তিয়েহে সেই দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হ’ব পাৰে। কিন্তু আমাক আম্বেদকাৰে সংবিধান দিছিল। হিমন্ত বিশ্বৰ মন সৰু বাবে সৰু কথা কয়। উল্লেখ্য যে, কেৱল হিন্দু ব্যক্তিহে ভাৰতৰ প্ৰধামন্ত্ৰী হ’ব পাৰে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
৬) নতুন ন্যায়িক আদালতৰ আধাৰশিলা স্থাপনত অংশ লৈ বিভিন্ন মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, আজি অসমৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। নাৰেংগী-কুৰুৱা দলং আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ পাছত ৰংমহলৰ মাটিৰ দাম বৃদ্ধি পাব। ৩১টা কোৰ্ট ৰূম থাকিব নতুন ভৱনত। লগতে থাকিব ৩০০ চেম্বাৰ, ২ হাজাৰ অধিবক্তা বহিব পৰা গ্ৰন্থাগাৰ আৰু বহুত উন্নত সা-সুবিধা।
৭)দেওবাৰে সোমনাথ স্বাভিমান পাৰ্বত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত ভাষণ দি মোদীয়ে কয় যে, সোমনাথৰ ইতিহাস ধ্বংস আৰু পৰাজয়ৰ নহয়; ই বিজয় আৰু পুনৰ্গঠনৰ। লগতে কয়, ই আমাৰ ভাৰতৰ অস্তিত্ব আৰু গৌৰৱৰ উৎসৱ, কাৰণ প্ৰতিটো খোজতে, প্ৰতিটো বিন্দুতে আমি সোমনাথ আৰু ভাৰতৰ মাজত এক অনন্য সাদৃশ্য দেখিবলৈ পাওঁ। সোমনাথক নষ্ট কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু কৰিব নোৱাৰিলে।
৮)আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন হকআই ষ্ট্ৰাইকৰ অংশ হিচাপে সমগ্ৰ ছিৰিয়াত আইছিছৰ একাধিক স্থানত আক্ৰমণ চলায়। চেন্টকমে এই সন্দৰ্ভত X ত এটা পোষ্টত কয় যে, এই আক্ৰমণ আমেৰিকাৰ সময় অনুসৰি দুপৰীয়া প্ৰায় ১২.৩০ মান বজাত হয়। ই ইছলামিক সন্ত্ৰাসবাদক শেষ কৰা, ভৱিষ্যতে আক্ৰমণ ৰোধ কৰা, আৰু অঞ্চলটোত আমেৰিকা আৰু অংশীদাৰ বাহিনীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰ অংশ বুলি কয়।
৯) অব্য়াহত আছে ইৰানত প্ৰতিবাদ। যোৱা ২৮ ডিচেম্বৰৰ পৰা লাখ লাখ জনতাই ৰাজপথত ওলাই আহি চুপ্ৰিম লিডাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়ালৈকে এই প্ৰতিবাদত প্ৰায় ১১৬ জনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গ্ৰেপ্তাৰ হৈছে। ইয়াৰ মাজতে আয়াতুল্লা খামনোইৰ নেতৃত্বাধীন শাসকে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছে। দেশৰ এটৰ্নী জেনেৰেল মহম্মদ মোৱাহেদি আজাদে প্ৰতিবাদকাৰীসকলক মৃত্যুদণ্ডৰ ভাবুকি দিছে।
অন্য খবৰ পঢ়কঃ নিজৰ নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই! পূৰণ হ’ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মনৰ আশা?