বলীউডৰ শ্বাহেনশ্বাহ পৰিল বিপদত! ৰক্ষাৰ বাবে নামি পৰিল গুজৰাট আৰক্ষী
ISPLৰ ফ্ৰেন্সাইজি 'মাঝি মুম্বাই'ৰ সহ-স্বত্বাধিকাৰী অমিতাভ বচ্চনে নিজ দলক সমৰ্থন জনাবলৈ চুৰাটলৈ গৈছিল। কিন্তু এই সময়ত বিগ বি অনুৰাগীৰ অনিয়ন্ত্ৰিত উন্মাদনাৰ চিকাৰ হয়। ৮৩ বছৰীয়া অভিনেতাগৰাকীক এভুমুকি চাবলৈ শ শ লোকে আৱৰি ধৰে।
শুকুৰবাৰে ‘ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ’ (ISPL)-ৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ গুজৰাটৰ চুৰাটত উপস্থিত হৈছিল বিগ বি অমিতাভ বচ্চন। ৮০ উৰ্ধৰ বয়সতো যে তেওঁৰ জনপ্ৰিয়তা অটুট আছে, তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল চুৰাটত। ISPLৰ ফ্ৰেন্সাইজি ‘মাঝি মুম্বাই’ৰ সহ-স্বত্বাধিকাৰী অমিতাভ বচ্চনে নিজ দলক সমৰ্থন জনাবলৈ চুৰাটলৈ গৈছিল। কিন্তু এই সময়ত বিগ বি অনুৰাগীৰ অনিয়ন্ত্ৰিত উন্মাদনাৰ চিকাৰ হয়। ৮৩ বছৰীয়া অভিনেতাগৰাকীক এভুমুকি চাবলৈ শ শ লোকে আৱৰি ধৰে।
পৰিস্থিতি ইমানেই জটিল হয় যে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে তেওঁক ভিৰৰ মাজৰ পৰা উলিয়াই আনিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই ‘মবিং’ৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নেটিজেনে ক্ষোভ প্ৰকাশ কৰিছে। এজন জ্যেষ্ঠ অভিনেতাৰ প্ৰতি এনে আচৰণক একাংশই লজ্জাজনক আখ্যা দি তেওঁৰ নিৰাপত্তা আৰু ব্যক্তিগত স্থানৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনাইছে।
