হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? 

January 11, 2026

TV9 ASSAM

প্ৰতিবছৰে লাখ লাখ লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। কিন্তু পলমকৈ ধৰা পৰাৰ ফলত এই ৰোগ জটিল হৈ পৰে।

হাঁওফাঁওৰ কৰ্কট ৰোগ

বিশেষজ্ঞৰ মতে, প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগ ধৰা পৰিলে চিকিৎসা কৰাটো সহজ হৈ পৰে।

প্ৰাৰম্ভিক পৰ্যায়

প্ৰথম অৱস্থাত এই ৰোগৰ ফলত সামান্য কাহ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। যিটো মানুহে প্ৰায়ে আওকাণ কৰে।

সামান্য কাহ বা ভাগৰুৱা

আগতীয়াকৈ এই ৰোগ ধৰা পৰিলে মৃত্যুৰ হাৰ ২০-২৫ শতাংশ হ্ৰাস পায় বুলি বিশেষজ্ঞসকলে কয়। গতিকে সময়মতে স্বাস্থ্যৰ পৰীক্ষা কৰাটো এতি প্ৰয়োজন।

স্বাস্থ্যৰ পৰীক্ষা 

৪০ বছৰৰ ওপৰৰ লোকসকল সাৱধান হ'ব লাগে। বিশেষকৈ ধূমপান, প্ৰদূষিত পৰিৱেশত বাস কৰা বা ৰাসায়নিক উদ্যোগত কাম কৰাসকল সাৱধান হ'ব লাগে। 

প্ৰদূষিত পৰিৱেশ

ধাৰাবাহিক কাহ বা উশাহ-নিশাহ লোৱাত যদি কষ্ট অনুভৱ কৰে তৎক্ষণাত চিটি স্কেন কৰিব লাগে।

চিটি স্কেন

তিনি সপ্তাহতকৈ অধিক সময় ধৰি থকা কাহ, কফৰ লগত তেজ যোৱা, উশাহ লোৱাত কষ্ট, ওজন কমি যোৱা আদি লক্ষণবোৰ সহজভাৱে ল'ব নালাগে।

লক্ষণ

পঢ়িবলৈ ক্লিক কৰক

যকৃতৰ স্বাস্থ্যৰ বাবে মূলাৰ উপকাৰিতা