শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দুদিন ধৰি মজিয়াত পৰি থাকিল পদ্মশ্ৰী প্ৰাপক এলি আহমেদ, আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰালে হাস্পাতালত…

Eli Ahmed: পদ্মশ্ৰী বঁটাপ্ৰাপক এলি আহমেদ অসুস্থ। আজি আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে। জানিব পৰা মতে, প্ৰায় দুদিন ধৰি ঘৰৰ মজিয়াত অসুস্থ হৈ পৰি আছিল এলি আহমেদ।

দুদিন ধৰি মজিয়াত পৰি থাকিল পদ্মশ্ৰী প্ৰাপক এলি আহমেদ, আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰালে হাস্পাতালত…
এলি আহমেদImage Credit source: social media
Barasha Sarma
Barasha Sarma | Published: 11 Jan 2026 17:34 PM

পদ্মশ্ৰী বঁটাপ্ৰাপক এলি আহমেদ অসুস্থ। দেওবাৰ (১১ জানুৱাৰী)য়ে আৰক্ষীয়ে অসুস্থ অৱস্থাত উদ্ধাৰ কৰি বিশিষ্ট লেখিকাগৰাকীক হাস্পাতালত ভৰ্তি কৰায়। বৰ্তমান ৰহমান হাস্পাতালত ভৰ্তি হৈ আছে আহমেদ। খবৰ অনুসৰি, চানমাৰিৰ অসম ৰাজ্যিক হাউচিং ক’লনীৰ ব্লক-২ৰ ইউনিট- ৬ নং ঘৰটোত অকলে বাস কৰে বিশিষ্ট লেখিকাগৰাকীয়ে। এই ঘৰটোতে তেওঁক আজি মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে হাস্পাতালত ভৰ্তি কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে(০৯ জানুৱাৰী ২০২৬)ত বনকৰা মহিলাগৰাকী ঘৰৰ পৰা যোৱাৰ পাছতেই এলি আহমেদৰ কোনো খবৰ নাছিল। গোৱালে দিব অহা গাখীৰ বাহিৰতেই পৰি আছিল। যাৰ বাবে সন্দেহ হৈছিল ঘৰটোৰ ওচৰত বাস কৰা আবাসীসকলৰ। ফোনযোগে আহমেদক যোগাযোগ কৰাৰ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। দেওবাৰে তেওঁলোকে ঘৰৰ দুৱাৰত টুকুৰিয়াইও পোৱা নাছিল সঁহাৰি। যাৰ পাছত আবাসীসকলে লগে লগে খবৰ দিয়ে আৰক্ষীক।

খবৰ পাই চানমাৰি থানাৰ পৰা সহকাৰী উপ পৰিদৰ্শক কলিতাৰ নেতৃত্বত এটা দল ঘৰটোত উপস্থিত হয়। আৰক্ষীয়ে প্ৰথমে দুৱাৰত টোকৰ মাৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। পাছত বহু কষ্ট কৰি আৰক্ষীয়ে দুৱাৰখন খোলে। আৰক্ষীয়ে ঘৰৰ ভিতৰলৈ সোমাই গৈ দেখে যে শোৱনি কোঠাৰ মজিয়াত পৰি আছে এলি আহমেদ। আৰক্ষীক দেখি লেখিকাগৰাকীয়ে লগে লগে কয় যে, মোক এখন কাপোৰ দিয়া, বৰ ঠাণ্ডা লাগিছে। ইয়াৰ পাছতে এম্বুলেন্স মাতি এলি আহমেদক ভৰ্তি কৰোৱাৰ হয় মহানগৰীৰ ভি আই পি ৰোডৰ ৰহমান হাস্পাতালত। বৰ্তমান হাস্পাতালতে আছে বিশিষ্ট লেখিকাগৰাকী।

১৯৩৫ চনৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এলি আহমেদৰ বয়স প্ৰায় ৯০ বছৰ অতিক্ৰম কৰিছে। অবিবাহিতা এইগৰাকী মহিলাই চানমাৰিৰ এই ঘৰটোত অকলে বাস কৰে। ২০১৫ চনত এলি আহমেদে লাভ কৰিছিল শিশু সাহিত্য অডাতকেমী বঁটা, ২০১৭ চনত লাভ কৰিছিল পদ্মশ্ৰী সন্মান। শিশু সাহিত্যিতৰ লগতে সু-গীতিকাৰ হিচাপে পৰিচিত এলি আহমেদে তেওঁৰ কৰ্মৰাজিৰ বাবে বহু সন্মান লাভ কৰিছে। পিছে অকলশৰীয়া এলি আহেমেদৰ আজিৰ এই অৱস্থাই বহুতৰে চকুলো তিয়াইছে।

 

অন্য খবৰ পঢ়কঃ নতুন ন্যায়িক আদালত চৌহদৰ পৰা ইৰানৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ…