বলীউডৰ অভিনেতা হৃতিক ৰোশনৰ কিমান সম্পত্তি আছে জানেনে?
২০০০ চনত ‘কহো না প্যাৰ হ্যেয়’ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে হৃত্বিক ৰোশনে। প্ৰথমখন ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰি নিশাটোৰ ভিতৰতে ছুপাৰষ্টাৰ কৰি তোলে। এইগৰাকী অভিনেতা আৰু নৃত্যশিল্পীয়ে ইতিমধ্যে দুটা দশকৰো অধিক সময় বলীউডত কটালে। শনিবাৰে তেওঁ ৫২ বছৰীয়া জন্মদিন উদযাপন কৰে। বৰ্তমান ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী তাৰকা হৃতিক ৰোশন। ‘জিকিউ […]
২০০০ চনত ‘কহো না প্যাৰ হ্যেয়’ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে হৃত্বিক ৰোশনে। প্ৰথমখন ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰি নিশাটোৰ ভিতৰতে ছুপাৰষ্টাৰ কৰি তোলে। এইগৰাকী অভিনেতা আৰু নৃত্যশিল্পীয়ে ইতিমধ্যে দুটা দশকৰো অধিক সময় বলীউডত কটালে। শনিবাৰে তেওঁ ৫২ বছৰীয়া জন্মদিন উদযাপন কৰে।
বৰ্তমান ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী তাৰকা হৃতিক ৰোশন। ‘জিকিউ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি হৃতিকৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩১০০ কোটি টকা। আশ্চৰ্যজনকভাৱে এই উপাৰ্জনৰ ক্ষেত্ৰত তেওঁ চলমান খান বা আলিয়া ভাটৰ দৰে তাৰকাক পিছ পেলাই থৈ গৈছে। কেৱল অভিনয়েই নহয়, ৰিয়েল এষ্টেট আৰু ব্যৱসায়িক বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অনন্য।
হৃতিকৰ বাসগৃহকলৈও চৰ্চা চলে। মুম্বাইৰ জুহু-ভাৰসোভা লিংক ৰোডত তেওঁৰ এটা বিশাল ডুপ্লেক্স আছে, যিটো গ্ৰীচৰ চেণ্টোৰিনিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। খবৰ অনুসৰি হৃতিক ১৪, ১৫ আৰু ১৬ মহলাত বিস্তৃত ৩৮ হাজাৰ বৰ্গফুটৰ পেণ্টহাউচ আছে। এই ঘৰৰ পৰা আৰব সাগৰৰ দৃশ্য উপভোগ কৰিব পাৰি।
প্ৰায় ১০০ কোটি টকাৰ এই সম্পত্তিক বহুতে ‘আকাশসম’ বুলি অভিহিত কৰিছে। পেণ্টহাউচটোত ১০খনতকৈও অধিক গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। অভিনেতাগৰাকীৰ লোনাভালাত ৭ একৰ মাটিত বিস্তৃত বাগিচাৰ লগতে ঘৰো আছে।
