প’ষ্ট মেল’নৰ অনুষ্ঠানত চৰকাৰে ব্যয় নকৰে: মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ…
মুখ্যমন্ত্ৰীয়ে কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই এই সিদ্ধান্ত লোৱা হৈছিল । জুবিন গাৰ্গে ইয়াৰ বিৰোধীতা কৰা নাছিল। শিল্পীক শিল্পীয়ে শ্ৰদ্ধা জনায়। অসমলৈ আহিলে পোষ্ট মেল’নে জুবিনৰ বিষয়ে জানিব পাৰিব। জুবিনৰ চিনেমা চোৱা নাই বাবে মই পোষ্ট মেল’নক নাচাওঁ।"
আজি গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত আমেৰিকান পপ ষ্টাৰ প’ষ্ট মেল’নৰ সংগীতানুষ্ঠান। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰা এই অনুষ্ঠানটোক মূলতঃ বহিঃৰাজ্যৰ সংস্থা এটাই সহযোগিতা আগবঢ়াইছে।
তেওঁ কয়, ‘এই সমগ্ৰ কাৰ্যসূচী বাহিৰৰ চৰকাৰী সংস্থাৰ পৃষ্ঠপোষকতাত কৰা হৈছে।প্ৰথম অৱস্থাত আমি ভাবিছিলো যে, চৰকাৰে টকা দিব কিন্তু এতিয়া ব্যক্তিগত পৃষ্ঠপোষকৰ সঁহাৰিৰ বাবে অসম চৰকাৰে খৰচ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। আমি কেৱল ফিল্ডখন দিছোঁ। বিভাগে যদি ২০-৩০ লাখ টকা দিছে, সেয়া পিছত খবৰ ল’ম।’
লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই এই সিদ্ধান্ত লোৱা হৈছিল । জুবিন গাৰ্গে ইয়াৰ বিৰোধীতা কৰা নাছিল। শিল্পীক শিল্পীয়ে শ্ৰদ্ধা জনায়। অসমলৈ আহিলে পোষ্ট মেল’নে জুবিনৰ বিষয়ে জানিব পাৰিব। জুবিনৰ চিনেমা চোৱা নাই বাবে মই পোষ্ট মেল’নক নাচাওঁ। পোষ্ট মেল’ন অনুষ্ঠানত চৰকাৰে ব্যয় নকৰে। পোষ্ট মেল’ন শ্ব’ৰ উদ্যোক্তা বুক মাই শ্ব’। অসম চৰকাৰ ইয়াত জড়িত নহয়।’
এই কনচাৰ্টক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অনন্য সুযোগ বুলি অভিহিত কৰি শৰ্মাই কয়, “কেৱল অসমৰ পৰাই নহয়, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰাও দৰ্শক আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ধেমেলীয়া সুৰত কয়, ‘মই ইমান ডেকা ল’ৰা নহয়, গতিকে পোষ্ট মেল’ন চাবলৈ যোৱা নহ’ব। পোষ্ট মেল’ন মানে কি মই বুজিয়ে নাপাওঁ। তেওঁ লগতে কয়, ‘কিন্তু নিশ্চিতভাৱে, প্ৰথমবাৰৰ বাবে আমেৰিকা আৰু ব্ৰিটেইনৰ পৰা মানুহ আহিব। আগতে আমি এনেকুৱা অনুষ্ঠানৰ বাবে শ্বিলঙলৈ গৈছিলো, কিন্তু এইবাৰ শ্বিলং, নাগালেণ্ড আৰু ইটানগৰৰ পৰা গুৱাহাটীলৈ মানুহ আহি আছে।”
ইফালে আগন্তুক কেইবছৰমানৰ ভিতৰত যদি গুৱাহাটীত এনে বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ আয়োজন কৰি থাকে তেন্তে ভাৰতৰ কনচাৰ্ট পৰ্যটনৰ মুখ্য গন্তব্যস্থান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘ এনেকুৱা ৪-৫টা শ্ব’ৰ পিছত মই ভাবো গুৱাহাটী শ্বিলঙৰ দৰে কনচাৰ্ট ইকনমিৰ হাব হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। আজি শ্বিলঙে কনচাৰ্ট ইকনমিৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।