উচ্চ ৰক্তচাপ ৰোগীয়ে শীতকালত পৰিহাৰ কৰক এনে খাদ্য

07 DEC 2025

TV9 ASSAM

ঠাণ্ডাত ৰক্তবাহী নলী সংকুচিত হৈ পৰে বাবে শীতকালত প্ৰায়ে ৰক্তচাপ বৃদ্ধি পায়। গতিকে উচ্চ ৰক্তচাপ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দি কিছুমান খাদ্য খাব নালাগে।

উচ্চ ৰক্তচাপ

বিশেষজ্ঞ চিকিৎসক ডাঃ সুভাষ গিৰিয়ে উল্লেখ কৰা মতে অতিৰিক্ত নিমখে শৰীৰত পানী ধৰি ৰাখে, ফলত ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। সেয়ে অতিৰিক্ত নিমখ থকা খাদ্য নাখাব।

অধিক নিমখ

অধিক তেলত ভজা খাদ্যত অধিক পৰিমাণে সংপৃক্ত চৰ্বি থাকে, ফলত ৰক্তবাহী নলী কঠিন হৈ ৰক্তচাপ বৃদ্ধি পায়। সেয়ে শীতকালত এনে খাদ্য পৰিহাৰ কৰিব লাগে।

অধিক তেলত ভজা খাদ্য

ৰেড মিটত উচ্চ চৰ্বি আৰু ছডিয়াম থাকে, ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ পৰিৱৰ্তে লঘু, কম চৰ্বিযুক্ত প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে।

ৰেড মিট

চিপছ, ফ্ৰেঞ্চ ফ্ৰাই, ইনষ্টেণ্ট নুডলছ আৰু প্ৰচেছড স্নেকছত ছডিয়াম আৰু সংৰক্ষক পদাৰ্থৰ পৰিমাণ বেছি। এনে খাদ্যই সোনকালে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

পেকেজড-প্ৰচেছড খাদ্য

অত্যধিক চাহ, কফি বা এনাৰ্জি ড্ৰিংকছে আপোনাৰ হৃদস্পন্দন বৃদ্ধি কৰিব পাৰে, ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে। বিশেষকৈ শীতকালত এনে পানীয় সীমিত কৰা উচিত।

অত্যধিক কেফেইন

অত্যধিক চেনিয়ে ওজন বৃদ্ধিত অৰিহণা যোগায় আৰু ৰক্তচাপত প্ৰভাৱ পেলায়। সেয়ে মিঠাই, মিঠাযুক্ত পানীয় তথা আন তেনে খাদ্য পৰিহাৰ বা অতি কম পৰিমাণে সেৱন কৰক।

চেনিযুক্ত খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

মহিলাতকৈ পুৰুষ অধিক আক্রান্ত হয় এই ৫ ৰোগত