Morning Headline: কেবিনেটৰ সিদ্ধান্তৰ পৰা প’ষ্ট মেলনৰ কনচাৰ্টলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
আজি ৮ ডিচেম্বৰ সোমবাৰ , ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিলচৰৰ ডলু চাহ বাগিচাত গ্রীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণলৈ তিনি হাজাৰ বিঘা ভূমি হস্তান্তৰত কেবিনেটে অনুমোদন জনায়। Assam Logistics and Warehousing Policy, 2025 ত অনুমোদন জনায় কেবিনেটে ।
- অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাক লৈ দেওবাৰে কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকত মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ লগতে পৰিচালনা মণ্ডলীৰ সদস্যসকল উপস্থিত থাকে।
- বিদেশত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল শৰ্মাই। পুত্ৰৰ কৰ্তৃত্বত গৌৰৱান্বিত হৈ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত যোগে এই বিশেষ খবৰ জনায়। জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল শৰ্মাই বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে। ইয়াত থাকে ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ। এই সকলোখিনি নন্দিল শৰ্মাই ৬ ঘন্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰে।
- নামৰূপ সাৰকাৰখানাত বৰ্তমান উৎপাদনক্ষম হৈ থকা তৃতীয় গোটত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি গোটটোৰ এমনিয়া প্লান্টৰ Process Air Compressor ত সন্ধিয়া অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায় ৪৫ মিনিটৰ পাছত সাৰকাৰখানাৰ নিজা অগ্নি নিৰ্বাপক বাহিনী, নিকৱৰ্তী এপিল, নাহৰকটীয়া ৰাজ্যিক অগ্নিোনিৰ্বাপক বাহিনী, দুলীয়াজান অইল , থাৰ্মেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।
- আজি শংকৰদেৱ কলাক্ষেত্ৰত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান। দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত হ’ব স্কুটাৰ বিতৰণ। ১১,২৫০ গৰাকী শিক্ষাৰ্থীক বিতৰণ কৰিব স্কুটাৰ। অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । উপকৃত হ’ব ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্ৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা।
- আজি গুৱাহাটীত অনুষ্ঠিত হ’ব পপষ্টাৰ প’ষ্ট মেলনৰ লাইভ কনচাৰ্ট। ‘বুক মাই শ্ব’ৰ উদ্যোগত অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব সংগীতানুষ্ঠান। সংগীতানুষ্ঠানৰ খানাপাৰা খেলপথাৰত সাজু বিশাল মঞ্চ। ইফালে, পপষ্টাৰ গৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মেট্ৰ’ প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে যাতায়ত নিষেধাজ্ঞা, প্ৰৱেশৰ নিয়ম আৰু ভিৰ ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।
- ছয় দিনৰ বিশৃংখলতাৰ অন্তত এতিয়া নিজৰ পৰিস্থিতিৰ উন্নতি সাধন কৰিছে ইণ্ডিগ’ই । অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বিমানবন্দৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আৱদ্ধ যাত্ৰীসকলক সম্ভৱপৰ সকলো সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। ইণ্ডিগ’ই এতিয়ালৈকে মুঠ ৬১০ কোটি টকা ৰিফাণ্ড প্ৰক্ৰিয়াকৰণ কৰিছে আৰু ৩,০০০ বেগ ঘূৰাই দিছে।
- গাজাত চলি থকা যুদ্ধবিৰতি চুক্তিৰ দ্বিতীয় পৰ্যায়ৰ পূৰ্বে হামাছে এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। দেওবাৰে হামাছৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ইজৰাইলৰ সৈতে অস্ত্ৰ-শস্ত্ৰ ফ্ৰীজ বা মজুত কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হৈছে উগ্ৰপন্থী সংগঠনটো। এই পদক্ষেপে আমেৰিকাৰ দালালি কৰা চুক্তিখনৰ সৈতে জড়িত অন্যতম জটিল সমস্যা সমাধানত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।