অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা, সংশ্লিষ্ট বিষয়াৰ সৈতে মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক…
অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাক লৈ আজি মন্ত্ৰী কেশৱ মহন্তই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। সমস্যা সমাধানৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।
অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাক লৈ দেওবাৰে কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।অসম সমবায় মৰাপাট কলৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকত মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ লগতে পৰিচালনা মণ্ডলীৰ সদস্যসকল উপস্থিত থাকে।
উল্লেখ্য যে, প্ৰায় এসপ্তাহ ধৰি মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন সাময়িকভাৱে বন্ধ হৈ আছে। অসম সমবায় মৰাপাট কলটোত মৰাপাট যোগানিয়াৰৰ সৈতে অসম সমবায় মৰাপাট কল কতৃপক্ষৰ মাজত চলি থকা সংঘাতৰ পৰিণতিতে এনে হোৱা বুলি জানিব পৰা গৈছে। একাংশই অভিযোগ কৰিছে যে, মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈয়ে দীৰ্ঘদিন ধৰি বিভিন্ন দুৰ্নীতি সংঘটিত কৰি আহিছে। গতিকে আজিৰ বৈঠকত এই বিষয়টো উত্থাপন কৰা হয়। লগতে বিষয়টো সন্দৰ্ভত বিভাগীয় তদন্ত চলোৱাৰ পাছত প্ৰতিবেদনৰ ভিত্তিত আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী কেশৱ মহন্তই।
মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে, শেহতীয়াকৈ মৰাপাটৰ দাম বৃদ্ধি পোৱাৰ ফলতো কলটো যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে। অসমৰ মৰাপাট বেছিকৈ কলকতাত বিক্ৰী হয়। গতিকে কলকতাত কমকৈ বিক্ৰী কৰিলে দাম হ্ৰাস পাব পাৰে বুলি কয় মহন্তই। লগতে No profit No loss নীতিৰে মৰাপাট কলটো চলাই নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে।
ইয়াৰোপৰি মৰাপাট কল কতৃপক্ষৰ লগতে শ্ৰমিক ইউনিয়ন, মৰাপাট যোগানিয়াৰ আৰু মৰাপাট কলটোৰ উৎপাদন গোট লিজত লোৱা মেচাৰ্চ চনু এন্টাৰপ্ৰাইজৰ সৈতেও সুকীয়াকৈ বৈঠকত মিলিত হ’বলৈ এগৰাকী ৰাজপত্ৰিত চৰকাৰী বিষয়াক দায়িত্ব অৰ্পণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।
উল্লেখ্য যে, মৰাপাট যোগনীয়াৰক প্ৰায় ৬ কোটি টকা বাকী দিবলৈ থকা অৱস্থাত হঠাতে নিশাৰ ভিতৰতে মৰাপাট কলৰ পৰা পলায়ন কৰিছিল কলটোৰ দ্বিতীয়টো ইউনিট ঠিকভিত্তিক ভাৱে চলাই থকা কলকতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকলে। যাৰ বাবে হঠাতে স্তব্ধ হৈ পৰে কাম-কাজ। আনকি তিনিশতকৈ অধিক কৰ্মচাৰীৰ মাজত হাহাকাৰে দেখা দিয়ে। ইয়াৰ পাছতে এতিয়া মৰাপাট কলত অচলাৱস্থাই দেখা দিছে।
অন্য খবৰ পঢ়কঃ গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩…