শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Uric Acid: নিয়ন্ত্ৰণত থাকিব ইউৰিক এচিড, কম হ’ব গাঁঠিৰ বিষ! জানক এই সহজ উপায়…

Uric Acid: আজিকালি প্ৰায়ভাগ মানুহৰে ইউৰিক এচিড বৃদ্ধি হোৱাৰ সমস্যাই দেখা দিয়ে। এনে অৱস্থাত গাঁঠিৰ বিষ বা আন সমস্যা হোৱা দেখা যায়। কিন্তু আপুনি যোগাসনৰ দ্বাৰা এই সমস্যাৰ দ্বাৰা সকাহ পাব পাৰে।

Uric Acid: নিয়ন্ত্ৰণত থাকিব ইউৰিক এচিড, কম হ’ব গাঁঠিৰ বিষ! জানক এই সহজ উপায়…
বাবা ৰামদেৱ
barasha-sarma
Barasha Sarma | Published: 08 Dec 2025 11:43 AM

বৰ্তমান সময়ত খাদ্যভাস, জীৱনশৈলী, মানসিক চাপ আদিৰ বাবে বহু মানুহৰে ইউৰিক এচিড (Uric Acid) ৰ সমস্যা হোৱা দেখা যায়। ইউৰিক এচিড হৈছে শৰীৰত পিউৰিন ভাঙি গ’লে সৃষ্টি হোৱা পদাৰ্থ। যেতিয়া ই বাঢ়ি যায় তেতিয়া বৃক্কই ইয়াক বাহিৰ কৰিব নোৱাৰে। এনে অৱস্থাত বিভিন্ন সমস্যাই দেখা দিয়ে। এনে অৱস্থাত বাবা ৰামদেৱে কিছুমান যোগাসনৰ কথা উল্লেখ কৰিছে যাৰ দ্বাৰা আপুনি ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে।

ইউৰিক এচিড বৃদ্ধি হোৱাৰ ফলত গাঁঠিৰ তীব্ৰ বিষ, ফুলা, খোজ কঢ়াত অসুবিধা, নিশা বিষ বৃদ্ধি আদি বিভিন্ন সমস্যা হয়। এইবোৰ আওকাণ কৰিলে বাতবিষ, বৃক্কত পাথৰ, বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হ’ব পাৰে। গতিকে ইউৰিক এচিড নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন। বাবে ৰামদেৱে জনাইছে যে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান যোগাসন ফলপ্ৰসূ। তলত সবিশেষ উল্লেখ কৰা হ’ল।

কি যোগাসন ফলপ্ৰসূ

ত্ৰিকোনাসনঃ বাবা ৰামদেৱে কয় যে, এই আসনে সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে আৰু পেশীৰ জঠৰতা হ্ৰাস কৰে। কঁকাল, নিতম্ব আৰু ভৰি টানি ই বিষৰ প্ৰৱণতা থকা গাঁঠিত জমা হোৱা ইউৰিক এচিডৰ স্ফটিক ঢিলা কৰাত সহায় কৰে। প্ৰতিদিনে এই আসন কৰিলে নমনীয়তা বৃদ্ধি কৰে আৰু প্ৰদাহ হ্ৰাস কৰে, যাৰ ফলত বিষৰ পৰা উপশম লাভ কৰিব পাৰে।

ভূজংগাসনঃ এই আসনে পাচন আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে। ভাল বিপাকীয় ক্ৰিয়াই ইউৰিক এচিডৰ গঠন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।  ইয়াৰোপৰি এই আসনে বৃক্কৰ কাৰ্যত সহায় কৰে। এনে পৰিস্থিতিত বৃক্কই শৰীৰৰ বিষাক্ত পদাৰ্থ সহজে বাহিৰ কৰিব পাৰে।

পৱনমুক্তাসনঃ এই আসনে গেছ, বদহজম, আৰু পেট ফুলাৰ পৰা সকাহ দিয়ে আৰু হজম শক্তি উন্নত কৰে। ই হজমৰ সময়ত পিউৰিন ভাঙি পেলায়। উন্নত হজমে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই আসনে নিতম্ব আৰু আঁঠুৰ চাৰিওফালে হোৱা বিষো কমায়।

শলাভাসনঃ এই আসনে পেট, কঁকাল, উৰু শক্তিশালী কৰাৰ লগতে তেজৰ চলাচল ভাল কৰে। ই বৃক্ক আৰু যকৃতৰ বাবে ভাল। ইয়াৰোপৰি এই আসনে প্ৰদাহ কমোৱাত সহায় কৰে আৰু গাঁঠিৰ গতিশীলতা বৃদ্ধি কৰে।

প্ৰয়োজনীয়

  • প্ৰতিদিনে ২.৫ৰ পৰা ৩ লিটাৰ পানী খাওক।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ওজন নিয়ন্ত্ৰণ ৰাখক।
  • প্ৰতিদিনে খোজ কাঢ়ক।
  • মিঠা কমকৈ খাব।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ আপোনাতকৈ আগতে বুঢ়া হৈছে নেকি মগজু? জানক এই ৫টা লক্ষণ…