আপোনাতকৈ আগতে বুঢ়া হৈছে নেকি মগজু? জানক এই ৫টা লক্ষণ…
আজিকালি মানুহৰ মাজত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিন্তু আপুনি জানেনে মগজুৰো বয়স বাঢ়ে? কিন্তু যেতিয়া আপোনাতকৈ মগজুৰ বয়স বৃদ্ধি হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।
যেনেকৈ আমাৰ বয়স বৃদ্ধি হয় ঠিক তেনেকৈ মগজুৰ বয়স বৃদ্ধি হোৱা স্বাভাৱিক। কিন্তু এই পৰিৱৰ্তন যদি সোনকালে হয় তেন্তে ইয়াৰ ফলত স্মৃতিশক্তি, মনোযোগ, মুড আদিত প্ৰভাৱ পৰিব পাৰে। যেতিয়া আপোনাতকৈ আগতে মগজুৰ বয়স বৃদ্ধি পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে কৰ্ণেল ইউনিভাৰ্চিটিৰ চিকিৎসক বাচিলী ইলিয়োপোলছে।
লক্ষণসমূহ
টোপনিত সমস্যা আৰু ভাগৰঃ মগজু সোনকালে বুঢ়া হোৱাৰ সংকেত হ’ব টোপনিত সমস্যা। বহু সময়ত মানুহে ভাগৰ অনুভৱ কৰে, কিন্তু তাৰপাছতো টোপনি নাহে, বা নিশা বাৰে বাৰে টোপনি ভাঙে। আমাৰ মগজুৰ বাবে টোপনি প্ৰয়োজনীয়। এই সময়ত মগজুয়ে নিজৰ ৰিপেয়াৰ কৰে। এনে অৱস্থাত টোপনিৰ সমস্যা, লাহে লাহে কথা পাহৰা, মনোযোগত অসুবিধা আদি হ’ব পাৰে।
কথা কওতে অসুবিধাঃ কেতিয়াবা কথা কওতে শব্দ মনত নপৰে। কিন্তু এই সমস্যা যদি বাৰে বাৰে হয় তেন্তে ই সমস্যাৰ কাৰণ হব পাৰে। এই সমস্যাক টিপ এৱ দ্যা টং চিন্ড্ৰোম বুলি কয়। যদি শব্দ, সাধাৰণ নাম, মুখ আদি মনত কৰাত সমস্যা আহে তেন্তে ইয়াৰ অৰ্থ এয়াই যে মগজু দুৰ্বল হৈছে।
ঠাই পাহৰি যোৱাঃ কেতিয়াবা ৰাস্তা পাহৰি যোৱা ভাল কথা। কিন্তু যদি সদায় গৈ থকা ৰাস্তা পাহৰি যায় তেন্তে ই চিন্তাৰ কাৰণ। মগজুৰ যি অংশই দিশ, ঠাই আদি মনত ৰাখে সেই অংশত সমস্যা আহিলে এনে হয়।
মুড পৰিৱৰ্তনঃ যদি কোনো কাৰণ নোহোৱাকৈ মুড পৰিৱৰ্তন হয় তেন্তে ই সমস্যাৰ কাৰণ। সৰু সৰু কথাত খং উঠা, হঠাতে মন বেয়া আদি সমস্যা যদি কোনো কাৰণ নোহোৱাকৈ হয় তেন্তে ই মগজু দুৰ্বল হোৱাৰ লক্ষণ হ’ব পাৰে।
শব্দ আৰু পোহৰঃ যদি তীব্ৰ পোহৰ শব্দ আদিৰ পৰা সকলো সময়তে অশান্তি পাই তেন্তে ই চিন্তাৰ কাৰণ হব পাৰে। দীৰ্ঘদিন এনে হৈ থাকিল বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
কেনেকৈ যত্ন ল’ব
প্ৰতিদিনে যোগাসন বা ব্যায়াম কৰা প্ৰয়োজন। শাৰীৰিক কাৰ্যকলাপে মগজু সক্ৰিয় কৰি ৰখাত সহায় কৰে। ইয়াৰোপৰি পৰিয়াল, বন্ধুু-বান্ধৱী আদিৰ সৈতে সময় কটাব লাগে।
অন্য খবৰ পঢ়কঃ যকৃতৰ সমস্যা হ’লে ছালে দিয়ে এই ৬টা সংকেত! জানক…